ৰাজ্যত ক'ৰ'না পৰিস্থিতিৰ অধিক অৱনতি।দ্ৰুত গতিত বৃদ্ধি আক্রান্তৰ সংখ্যা।সংক্ৰমণৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন স্বাস্থ্য বিভাগ।
শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যৰ ক'ৰ'না পৰিস্থিতিক লৈ সম্বোধন কৰে গুৰুত্বপূৰ্ণ সংবাদমেল।
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়- 'এশৰো অধিক ক'ভিড আক্রান্ত থকা জিলাসমূহত সোমবাৰৰ পৰা বিদ্যালয়সমূহ বন্ধ ৰখাৰ নির্দেশ দিছে স্বাস্থ্য বিভাগে।এই জিলাসমূহ হৈছে তিনিচুকীয়া, কামৰূপ(ম) কামৰূপ, শোণিতপুৰ, নগাঁও, যোৰহাট, কাছাৰ আৰু ডিব্ৰুগড়।'
ইফালে,ক'ৰ'নাৰ দ্ৰুত সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ড: শৰ্মাই কামৰূপ(ম), ডিব্ৰুগড়, তিনিচুকীয়াত বিহু অনুষ্ঠান বাতিল কৰাৰ আহ্বান জনাইছে আয়োজক সমিতিক।
আনহাতে,বৰ্তমান সময়লৈকে অসমত লকডাউনৰ পৰিকল্পনা নাই বুলি সংবাদমেলত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 56 views