বতাহত বিয়পিছে ক’ৰ’না ভাইৰাছ! সাৱধান, জনাইছে লেনছেটৰ এক নতুন ৰিপোৰ্টে

Corona virus

হাঁচি, কাঁহ, থুই পেলোৱাৰ পৰা বিয়পে ক’ৰ’না ভাইৰাছ, এই তথ্য প্ৰকাশ কৰিলে লেনছেটৰ এক নতুন ৰিপোর্টে। তেওঁলোকৰ নতুন গৱেষণা অনুসৰি ক’ৰ’না ভাইৰাছ বায়ুবাহিত। সেয়ে বতাহত ভাঁহি বৃদ্ধি পাব পাৰে এই ভাইৰাছ। এই ৰিপোর্ট প্ৰকাশ পালত টোপনি হৰিছে বিশেষজ্ঞ মহলৰ। 

লেনছেটৰ এই ৰিপোৰ্টৰ বিপৰীতে ১০ দফাৰ যুক্তিও দেখুৱাইছে গৱেষণাৰ সৈতে যুক্ত ৬ গৱেষকে ৷ তেওঁলোকৰ গৱেষণাই কৈছে, কোৱাৰেন্টিন হোটেলৰ কাষৰ ঘৰসমূহত থকা লোকসকলৰ মাজত সংক্রমণ হৈছে। তেওঁলোক এজন আনজনৰ সন্মুখলৈ অহা নাই ৷ অথচ সংক্রমণ বৃদ্ধি পাইছে। ক’ভিড ১৯ ভাইৰাছ বায়ুবাহিত নহ’লে, সেয়া সম্ভৱেই নহয় ৷

Your Comments