২৪ ঘণ্টাত ক’ৰ’না আক্ৰান্ত ১.৬৯ লাখ, একাধিক ৰাজ্যত জাৰি লক্‌ডাউন সহ নিষেধাজ্ঞা জাৰি

lockdown

২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰ’না আক্রান্ত ১.৬৯ লাখ। যোৱা সময়ত আছিল ১,৫২,৮৭৯ জন। স্বাস্থ্যমন্ত্রালয়ে জনাইছে, ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা পাইছেগৈ প্রায় ১.৩৩ কোটি। ২৪ ঘণ্টাত মৃত্যু হৈছে ৮৩৯ । গতি, ক’ৰ’নাত আক্রান্ত হৈয়ে যে মৃত্যুৰ সংখ্যা বাঢ়িছে সেয়া নিঃসন্দেহে ক’ব পাৰি। এইটো পঞ্চম দিন য’ত প্রায় ১ লাখৰ ওপৰত আক্রান্তৰ সংখ্যা হৈছেগৈ। 

Corona infection

৩২ দিন ধৰি ক্রমশঃ বাঢ়িছে ক’ৰ’না আক্রান্তৰ সংখ্যা। সক্রিয় ৰোগীৰ সংখ্যা ১১,০৮,০৮৭ জন। জনা গৈছে, প্রায় ৮.২৯ শতাংশ হাৰত বাঢ়িছে ৰোগীৰ সংখ্যা।  

একাধিক ৰাজ্যত অহা সময়চোৱাৰ বাবে লক্‌ডাউন সহ নিষেধাজ্ঞা জাৰি কৰা হৈছে। যাৰ ভিতৰত আছে, মহাৰাষ্ট্র, দিল্লী, উত্তৰ প্রদেশ, মধ্যপ্রদেশ, কর্ণাটক। 
ক’ৰ’না ভাইৰাছ সংক্রমণৰ অনিয়ন্ত্ৰিত উর্ধ্বগতি ৰোধ কৰিবলৈ মহাৰাষ্ট্রত কঠোৰ লক্‌ডাউন জাৰিৰ ইঙ্গিত দিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেয়ে। জানিবলৈ পোৱা গৈছে, লক্‌ডাউন জাৰি কৰিলে সমাজৰ বিভিন্ন অংশৰ জীৱন আৰু জীৱিকাৰ ওপৰত প্রভাৱ পৰিব। সেই সমগ্ৰ অংশৰ মানুহৰ বাবে আর্থিক পেকেজ চূড়ান্ত কৰিবলৈ আজি বৈঠকত মিলিত হ’ব উপমুখ্যমন্ত্রী অজিত পাৱাৰ। কিন্তু দীঘলীয়া লক্‌ডাউন হ’বনে নহয় সেই সন্দৰ্ভত এতিয়াও সংশয় আছে। 

Coronavirus

শনিবাৰে গভীৰ ৰাতি অৰবিন্দ কেজৰিৱালে  দিল্লী চৰকাৰৰ নতুন নির্দেশিকা জাৰি কৰিছে, পৰৱর্তী নিৰ্দেশ জাৰি হোৱা পৰ্যন্ত সমগ্ৰ সামাজিক, ৰাজনৈতিক, ক্রীড়া, বিনোদন, সাংস্কৃতিক আৰু ধর্মীয় সমাবেশ নিষিদ্ধ। দিল্লী দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই (ডিডিএমএ) জাৰি কৰা নতুন নির্দেশিকা অনুসৰি, সকলো বোলছবি গৃহ, থিয়েটাৰ আৰু মাল্টিপ্লেক্সসমূহক তেওঁলোকৰ আসনৰ সংখ্যা ৫০ শতাংশ পর্যন্ত খোলাৰ অনুমতি দিয়া হ’ব।

India

ইয়াৰোপৰি নির্দেশিকাত কোৱা হৈছে দিল্লীৰ চুইমিং পুলসমূহ বন্ধ থাকিব। দিল্লী মেট্রো, ডিটিচি আৰু ক্লাষ্টাৰ বাছসমূহ ৫০ শতাংশ যাত্রী লৈ চলাচল কৰিব। মহাবিদ্যালয়, কোচিং প্রতিষ্ঠান বন্ধ ৰাখিব লাগিব। বিয়াত আমন্ত্রিত কৰিব পাৰিব ৫০ শতাংশ অতিথি। 

আনহাতে, উত্তৰপ্রদেশত  ধর্মীয়ে স্থানত ৫ জনতকৈ অধিক প্রৱেশ কৰিব নোৱাৰিব। কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী লৈ কাম কৰিব লাগিব। মধ্যপ্রদেশত ১১খন জিলাত সপ্তাহাৰ শেষলৈকে লক্‌ডাউন জাৰি কৰা হৈছে। কর্ণাটকৰ ৭খন চহৰত ১০ দিনৰ বাবে নাইট কার্ফিউ জাৰি কৰা হৈছে। ৰাতি ১০ বজাৰপৰা ৰাতিপুৱা ৫ বজা পর্যন্ত চলিব ১৪৪ ধাৰা। 

Your Comments