টিকা উৎসৱৰ প্ৰথম দিনাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰৰ ৷ ক’ৰ’নাৰ দ্বিতীয় ঢৌয়ে ক্রমশঃ ভয়ঙ্কৰ আকাৰ লৈছে। বৃদ্ধি পাইছে সংক্রমণৰ হাৰো। এই অৱস্থাত বিদেশলৈ এন্টি-ভাইৰেল লিকুইড ৰেমডেচিভিৰৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰিল ভাৰতে। দেওবাৰে এক বিবৃতিত কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰালয়ে জনাইছে, ক’ৰ’না পৰিস্থিতি কিছু পৰিমাণে আয়ত্তলৈ নহালৈকে ৰেমডেচিভিৰৰ ইঞ্জেকচন বিদেশলৈ ৰপ্তানি কৰা নহ’ব। ক’ৰ’নাৰ দ্বিতীয় ঢৌত দেশৰ ভিতৰত এই ইঞ্জেকচন চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মহামাৰীৰ প্রথমৰ ফালে এই ইঞ্জেকচন বিদেশলৈ ৰপ্তানি কৰিলেও বর্তমান সেয়া স্থগিত ৰখা হৈছে।
পৰৱৰ্তী সময়ত ৰেমডেচিভিৰৰ চাহিদা অধিক বাঢ়িব পাৰে বুলি স্বাস্থ্যমন্ত্রালয়ৰ সূত্রৰপৰা খবৰ পোৱা গৈছে। যিবিলাক ঔষধ প্রস্তুতকাৰী সংস্থাই এই ঔষধ প্ৰস্তুত কৰে তেওঁলোকৰ সৈতেও যোগাযোগ কৰা হ’ব। ইতিমধ্যে সংস্থাসমূহক তেওঁলোকৰ ওচৰত মজুত ৰেমডেচিভিৰৰ সংখ্যা আৰু পৰিমাণ তেওঁলোকৰ ৱেবছাইটত আপলোড কৰিবলৈ পৰামর্শ দিয়া হৈছে।
যোৱা সপ্তাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাৰি দিনৰ টিকা উৎসৱৰ আহ্বান জনাইছে। ১১ৰপৰা১৪ এপ্রিল অর্থাৎ দেওবাৰে আৰম্ভ হৈ গৈছে টিকা উৎসৱৰ আৰু এই দিনটোতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে কেন্দ্রই। দেশৰ ৰোগীসকলৰ চাহিদা পূৰাবলৈকে ৰেমডেচিভিৰ বিদেশলৈ পঠোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি সূত্রৰ খবৰ।
- Log in to post comments
- 9 views