ক'ৰ’নাৰ দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হ’ব বাধ্যতামূলক- উপায়ুক্ত

Biswajit Pegu

*পৰিস্থিতি ৰোধ কৰিবলৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰাও হ’ব পাৰে*



গুৱাহাটীত দ্ৰুত হাৰত বৃদ্ধি পোৱা ক'ৰ’না আক্রান্তক লৈ চিন্তিত জিলা প্ৰশাসন।ক'ৰ’না প্ৰতিৰোধৰ বাবে জিলা খনত আৰম্ভ কৰা হৈছে ক’ভিড টেষ্ট।সমগ্ৰ জিলাখনক কেইবাটাও ভাগত বিভক্ত কৰি ক'ভিড টেষ্ট আৰম্ভ কৰাৰ কথা সংবাদ মেল যোগে অৱগত কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

উল্লেখ্য যে, জিলাখনত ১০,৫০০ টেষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।তাৰ ভিত্তিত জিলাখনৰ বিভিন্ন প্ৰতিষ্ঠানত কৰি থকা হৈছে টেষ্ট।টেষ্টত যদি কোনো লোকৰ ক’ভিড ধৰা পৰে তেন্তে তৎকালীন ভাৱে তেওঁ সংস্পৰ্শলৈ অহা কমেও ৩০জনক পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা জনালে উপায়ুক্ত গৰাকীয়ে।

ইয়াৰোপৰি, ক'ৰ’নাত আক্রান্তৰ চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, কালাপাহাৰ হাস্পতাল, সোণাপুৰ অসামৰিক চিকিৎসালয় সাজু কৰা হৈছে।সোণাপুৰ হাস্পতালত ৭০ খন আইচ’লেচন বিচনা সাজু কৰি তোলা বুলি পেগুৱে জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ এই যে ক'ভিড নিয়ন্ত্ৰণৰ বাবে জিলাখনত মাক্স পিন্ধাটো বাধ্যতামূলক কৰা হ'ব।যদি কোনো লোকে মাক্স পৰিধান নকৰে তেন্তে ৫০০-১০০০টকাকৈ ভৰিব লাগিব জৰিমনা।দুই এদিনতে প্ৰযোজ্য হ'ব এই নিয়ম- পেগুৱে কয়।

তাৎপৰ্যপূৰ্ণ কথা এই যে উপায়ুক্ত গৰাকীয়ে কয়-ক'ভিড পৰিস্থিতি ৰোধ কৰিবলৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰাও হ’ব পাৰে।

Your Comments