মিছৰৰ মাটিৰ তলত ৩০০০ বছৰীয়া চহৰ!

Egypt

ইতিহাসৰ গতিপথ যিকোনো সময়তে ঘুৰি যাব পাৰে। নতুন তথ্য আৱিষ্কাৰ হ’লেই নতুন চিন্তাৰ দিগন্ত মুকলি হয়। যি ঘটিল মিছৰত।

মিছৰৰ লাক্সৰত ৩ হাজাৰ বছৰৰ পুৰনি এখন চহৰৰ সন্ধান পোৱা গৈছে। Luxor’s Valley of the Kings-ৰ বালিৰ তলৰপৰা অনুসন্ধান পোৱা চহৰখনৰ নাম আতেন। প্রত্নতত্ত্ববিদসকলৰ দাবী, ইয়াৰ ফলত মিছৰৰ ইতিহাসৰ এক নতুন দিশ উন্মোচিত হ’ল।

Egypt

Egyptian Archaeological Mission-ৰ প্রত্নতত্ত্ববিদসকলে জনাইছে, চহৰখনৰ প্রতিষ্ঠাপক আছিল নৱম ফাৰাও ৰজা তৃতীয় আমেনহোতেপ (Amenhotep III, the ninth pharaoh of the 18th Dynasty)। খ্রীষ্টপূর্ব ১৩৯১ ৰপৰা ১৩৫০ পর্যন্ত মিছৰত শাসন কৰিছিল তেওঁ। সেই সময়চোৱাৰ প্রশাসন আৰু শিল্পৰ বেছিভাগেই আছিল লাক্সৰ চহৰৰ পশ্চিম প্রান্তত। ৰজা তুতানখামেনৰ সৌধৰ পিছত এই আতেন চহৰ মিছৰৰ দ্বিতীয় গুৰুত্বপূর্ণ আৱিষ্কাৰ।

এই অনুসন্ধানৰ সৈতে জড়িত জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ অধ্যাপক বেষ্টি ব্রায়ানে জনাইছে, 'প্রাচীন মিছৰৰ জীৱনযাত্রাৰ বিষয়ে বহু নতুন তথ্য উন্মোচিত হ’ব পাৰে আতেন চহৰৰ আৱিষ্কাৰত।' তেওঁ জনাইছে, কেৱল আতেন নহয়, যোৱা বহু মাহ ধৰি মিছৰৰ বিভিন্ন স্থানত যি বিলাক প্রাচীন বস্তু আৱিষ্কাৰ হৈছে, সেইবিলাকৰ সূত্র ধৰি মিছৰৰ প্রাচীন জীৱনযাত্রা সম্পর্কে নানা তথ্য জনাৰ সুযোগ হ’ব ৷

Egypt

প্রত্নতাত্ত্বিক তথা পুৰাতত্ত্ব বিষয়ক মিছৰৰ প্রাক্তন প্রতিমন্ত্রী জাহি হাবাছে জনাইছে, বিদেশ পৰা বহু পুৰাতত্ত্ববিদ  এই চহৰৰ সন্ধানত আহিছিল। সন্ধান নাপালে। ইয়াৰোপৰি তেওঁ জনাই যে, চহৰখনৰ পথৰ দুই কাষে ঘৰ আছিল। সেইসমূহৰ ভিতৰত অধিকাংশ ঘৰৰ বেৰৰ উচ্চতা আছিল ১০ ফুটৰ ওচৰাওচৰি। চহৰখনৰ দক্ষিণত পোৱা গৈছে এখন বিশাল আকৃতিৰ ভাটা। কি হৈছিল তাত? চিন্তা কৰিছে ইতিহাসবিদসকলে। কিন্তু এতিয়ালৈকে বহু বস্তু উদ্ধাৰ হ’বলৈ বাকী আছে বুলি মত পোষণ কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই।

Your Comments