বিহাৰত ১৮ এপ্ৰিললৈ বিদ্যালয়, মহাবিদ্যালয় আৰু কোচিং চেণ্টাৰসমূহ বন্ধ, সন্ধিয়া ৭ বজাতে বন্ধ হ'ব দোকান-বজাৰো

Corona epidemic

ক'ৰ’নাৰ বাঢ়ি অহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰ ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ ১৮ এপ্ৰিললৈকে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিহাৰ চৰকাৰে । ইয়াৰ লগতে, ৰাজ্যখনৰ সকলো দোকান সন্ধিয়া ৭ বজালৈহে খোলা ৰাখিব পাৰিব। এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ।অহা ৮-১০ দিনৰ ভিতৰত এক সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বৈঠকত সকলো দলৰ নেতাৰ পৰা এই সন্দৰ্ভত মতামত বিচৰা হ'ব।

Bihar

এই নতুন নিৰ্দেশনাৰ মতে সকলো দোকান আৰু প্ৰতিষ্ঠান সন্ধিয়া ৭ বজাত কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিব লাগিব, গ্ৰাহক-কৰ্মচাৰী সমন্বিতে সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক। কৰ্মচাৰী আৰু গ্ৰাহকে চেনিটাইজাৰ আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব । হোটেল-ৰেষ্টোঁৰা আৰু ধাবাত মাত্ৰ ২৫ শতাংশ লোকে একেসময়তে বহি খাব পাৰিব । ৫০ শতাংশ দৰ্শকে চিনেমা হলত সোমাই একে সময়তে চাব পাৰিব । ব্যক্তিগত কাৰ্যালয়সমুহ ৩৩ শতাংশ কৰ্মচাৰীৰ সৈতে খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। এই নিয়মবোৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতহে মাথোঁ প্ৰযোজ্য নহ'ব। অন্ত্যেষ্টিক্ৰিয়াত ৫০ জন লোকক আৰু ২০০ জন লোকক বিবাহৰ অনুষ্ঠানত একেলগে গোট খোৱাৰ অনুমতি দিছে ।

সকলো ধৰ্মীয় স্থান ৩০ এপ্ৰিললৈকে সীমাবদ্ধ হৈ থাকিব। উপ সচিব আৰু শীৰ্ষ বিষয়াসকল চৰকাৰী কাৰ্যালয়লৈ নিতৌ আহিব আৰু বাকী কৰ্মচাৰীসকল ৩৩ শতাংশত বৈকল্পিক দিনত কাৰ্যালয়লৈ আহিব লাগিব।

Your Comments