তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ৰ’না, সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা দিল্লী চৰকাৰৰ

Schools

ক’ৰ’না ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাই থকাত দিল্লীত বিদ্যালয়, মহাবিদ্যালয় সমূহ বন্ধ ৰখা হৈছে। শুক্রবাৰে এই কথা জনাইছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিম্দ কেজৰিৱালে। শুক্রবাৰে দিল্লীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮,০০০ পাৰ হৈ গৈছে। চলিত বছৰত এটাদিনতে ইমান সংখ্যক ক’ৰ’না আক্রান্ত আগতে হোৱা নাছিল। ৰাজধানীত ক’ৰ’না আক্রান্তৰ সংখ্যা বাঢ়ি যোৱাত এইবাৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে দিল্লী চৰকাৰে।

যোৱা বছৰ দীর্ঘ বহুমাহ লকডাউন থকাৰ পিছত দিল্লীত অন্যান্য ৰাজ্যৰ দৰে পাঠদান আৰম্ভ হৈছিল নৱম ৰপৰা দ্বাদশ শ্রেণীৰ বাবে। দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই শ্ৰেণী সমূহৰ পাঠদান আৰম্ভ কৰা হৈছিল। কিন্তু যিদৰে দেশৰ অন্যান্য স্থানৰ দৰে দিল্লীতো নাইট কার্ফিউ দিয়া হৈছে, তাত নতুনকৈ আতঙ্কৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে চিবিএছই বোর্ডৰ তৰফৰপৰা দশম শ্রেণীৰ পৰীক্ষা যোৱা ৪ মে’ ৰপৰা ৭ জুন আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা ৪ মে’ ৰপৰা ১৫ জুনৰ ভিতৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছে। লগতে ক’ৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্ৰৰ সংখ্যা ৪০ৰপৰা ৫০শতাংশলৈ বৃদ্ধি কৰা হ’ব ৷

Your Comments