নাইজেৰিয়াৰ কাৰাগাৰত আক্ৰমণ, পলাই গ’ল ২০০০ বন্দী

Owerri jail

কাৰাগাৰ এৰি পলালে বন্দীসকল। ঘটনাটো ঘটিছে নাইজেৰিয়াত ৷

নাইজেৰিয়াৰ এখন কাৰাগাৰৰপৰা ১৮০০ জনৰো অধিক বন্দী পলাই গৈছে। নাইজেৰিয়াৰ দক্ষিণাঞ্চলত এই কাৰাগাৰত আক্ৰমণ চলাই বন্দুকধাৰীসকলে। আক্ৰমণৰ পিছত তাৰপৰা বন্দীসকল পলাই যায়।

নাইজেৰিয়াৰ অ’ৱেৰি কাৰাগাৰৰ সুৰক্ষা কৰ্তৃপক্ষৰ সৈতে আক্ৰমণকাৰীসকলৰ সংঘর্ষ বৃদ্ধি পায়। গুলিয়াগুলি, বিস্ফোৰণো হয়। নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় সংশোধন কর্তৃপক্ষই এক বিবৃতিত এই তথ্য প্ৰকাশ কৰে ।

সংশোধন কর্তৃপক্ষৰ তৰফৰ পৰা কয় যে, তেওঁলোক নিশ্চিত, অ’ৱেৰিত এখন কাৰাগাৰত বন্দুকধাৰীসকলে আক্ৰমণ চলায়। কিন্তু পলাই যোৱা বন্দীসকলৰ সংখ্যা এতিয়াও নিশ্চিত নহয়। যদিও পৰিস্থিতি নিয়ন্ত্রণলৈ আহিছে বুলি জনোৱা হৈছে।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰিয়ে ঘটনাটোক সন্ত্রাসবাদী কার্যক্রম হিচাপে চিহ্নিত কৰিছে। তেওঁ আইনশৃঙ্খলা ৰক্ষাকাৰী বাহিনীক দ্ৰুতগতিত আক্ৰমণকাৰীসকলক গ্রেপ্তাৰৰ নির্দেশ দিছে।

Your Comments