অহা ৪ সপ্তাহত অতি ভয়াবহ পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে ভাৰত, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

Corona infection

যোৱা সময়চোৱালৈ চাই ক’ৰ’না আক্রান্তৰ সংখ্যাৰ হাৰ একেকোবে পূর্বৱর্তী লক্ষাধিকৰ অভিলেখ ভাঙি দিলে ২৪ ঘণ্টাত। যি দেখি শঙ্কিত কেন্দ্র। অহা ৪ সপ্তাহত ক’ৰ’না আক্রান্তই যি ভয়ংকৰ আকাৰ ল’ব পাৰে তাৰ অনুমান পায়েই আগতীয়াকৈ সতর্কবার্তা দিলে স্বাস্থ্য মন্ত্রালয়ে।  

Coronavirus

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী হর্ষ বর্ধনে জনাইছে, যোৱা বছৰতকৈ দ্রুত সংক্রমণ হৈছে। এনে হোৱাৰ বাবে দায়ী, কেৱল মানুহৰ গা এৰা দিয়া ভাৱ। মাস্ক নিপিন্ধে বহুতেই। মানি চলা হোৱা নাই কোনো গাইডলাইন। 

Corona test

ক’ৰ’নাৰ দ্বিতীয় ঢৌত বাদ পৰা নাই কোনো। ৮ ৰপৰা ৮০ সকলোৱেই ইয়াৰ কবলত পৰিব বুলি আশঙ্কা কৰা হৈছে ৷ সেয়ে দ্রুত গতিৰে সকলো বয়সৰ মানুহকেই ভেক্‌চিন দিয়াৰ ব্যৱস্থা কৰা হৈছে। মূলতঃ, ১৮ বছৰৰপৰা সকলো লোককে ভেক্‌চিন দিয়াৰ কাৰ্যসূচী অতি শীঘ্রেই আৰম্ভ হ’ব। 

Corona vaccine

মঙ্গলবাৰে সংবাদ মেলত নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য ভি কে পালে কয়, 'দেশত বৰ্তমান ভয়াবহ পৰিস্থিতি। জনসংখ্যাৰ এটা বৃহৎ অংশৰ ক’ৰ’না আক্রান্ত হোৱাৰ সম্ভাৱনা আছে'। তেওঁ কয়, 'ক’ৰ’নাক প্ৰতিৰোধ কৰিবলৈ প্রত্যেক দেশবাসীয়ে একগোট হৈ কাম কৰিব লাগিব। ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। অহা ৪ সপ্তাহ অতি ভয়াবহ পৰিস্থিতিৰ মুখামুখি হ’বলৈ আগবাঢ়িছে ভাৰত। শুধৰাব লাগিব এতিয়াই। নহ’লে দেৰি হৈ যাব'।

Your Comments