আইনৰ মাজেৰে নিজৰ শাসনকালৰ ম্যাদ বৃদ্ধি কৰিলে পুটিনে, সমালোচনাত মুখৰ বিৰোধী সকল

Putin

২০৩৬ চন পর্যন্ত ক্ষমতাত থাকিব পাৰিব ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। 

৬ বছৰ কৈ আৰু দুটা ম্যাদ ৰাষ্ট্ৰপতি পদত থকাৰ সুযোগ ৰাখি কৰা আইনত চূড়ান্ত অনুমোদন দিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। এই আইনক চূড়ান্ত অনুমোদন দি পুটিনে নিজৰ ক্ষমতাত থকাৰ সম্ভাৱনাৰ দুৱাৰো খুলি দিলে। আইন অনুসৰি ২০৩৬ চন পর্যন্ত ক্ষমতাত থাকিব পাৰিব তেওঁ। এতিয়াও পুটিন দুই দশকতকৈও অধিক সময় ধৰি ক্ষমতাত আছে।

সাংবিধানিক সংস্কাৰৰ অংশ হিচাপে যোৱা বছৰ এই পৰিৱর্তনৰ প্রস্তাৱ দিছিলে পুটিনে । যোৱা বছৰ জুলাইত অনুষ্ঠিত এক গণভোটত এই প্রস্তাৱক শক্তিশালী ভাৱে সমর্থন কৰে ৰুছ জনগণই। যোৱা মাহত বিলখনে অনুমোদন পায়। বিলখন আইন হিচাপে অনুমোদন পোৱাত পুটিনে তেওঁৰ চলিত ম্যাদৰ শেষত পুনৰ ৰাষ্ট্ৰপতি নির্বাচনত ঠিয় দিব পাৰিব। তেওঁৰ ম্যাদ শেষ হ’ব ২০২৪ চনত।

উল্লেখ্য, ২০০০ চনত পুটিন প্রথম বাৰৰ বাবে ৰাষ্ট্ৰপতি নির্বাচিত হয়। তেতিয়া তেওঁ চাৰি বছৰকৈ মুঠ দুটা ম্যাদ দায়িত্ব পালন কৰে। সাংবিধানিক বাধ্যবাধকতাৰ কাৰণে তেতিয়া তৃতীয় দফাৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব টনা সম্ভৱ নাছিল তেওঁৰ  বাবে৷ তেতিয়া তেওঁ প্রধানমন্ত্রী হয়। ৰাষ্ট্ৰপতিৰ দায়িত্ব লয় তেওঁৰেই ঘনিষ্ঠ সহযোগী দিমিত্রি মেদভেদেভে। সমালোচকসকলৰ মতে, মেদভেদেভ আছিল নামত ৰাষ্ট্ৰপতি। মেদভেদেভে ৰুছ ৰাষ্ট্ৰপতিৰ ম্যাদকাল চাৰিৰপৰা বাঢ়ি ছবছৰ কৰে। এই নিয়ম ২০১২ চনৰপৰা কার্যকৰী হয়। ২০১২ চনত পুটিন পুনৰ ৰাষ্ট্ৰপতি হয়। ২০১৮ চনত তেওঁ পুনৰায় ৰাষ্ট্ৰপতি নির্বাচিত হয়।

পুটিনবিৰোধীসকলে এই আইনৰ তীব্র সমালোচনা কৰিছে। সমালোচক সকলে কৈছে, পুটিনে আজীৱন ৰাষ্ট্ৰপতি হৈ থকাৰ বাবে এই কৌশল কৰিছে।

Your Comments