গৃহবন্দী জৰ্ডানৰ ৰাজকুমাৰ হামজা বিন হুছেইন

Hamjah bin hussain

প্রশাসনিক স্তৰত অশান্তি দেখা গ’ল জর্ডানত। জর্ডানৰ ৰাজকুমাৰ হামজা বিন হুছেইনক গৃহবন্দী কৰি ৰখা হৈছে। হামজা দেশৰ নেতাসকলৰ বিৰুদ্ধে দুর্নীতি আৰু অযোগ্যতাৰ অভিযোগ তুলিছিল তেওঁ।

অভ্যুত্থানৰ ষড়যন্ত্রৰ পৰিকল্পনাৰ সৈতে জড়িত থকাৰ অপৰাধত জর্ডানত শীর্ষ পর্যায়ৰ বহুকেইজন নেতাক আটক কৰা হৈছে। ইয়াৰ পিছতেই ৰাজকুমাৰ হামজা গৃহবন্দী হৈ থকাৰ কথা জনোৱা হয়। যদিও সেনাবাহিনীয়ে ৰাজকুমাৰ হামজা গৃহবন্দী হৈ থকাৰ কথা অস্বীকাৰ কৰে। কিন্তু সেনাবাহিনীয়ে এক বিবৃতিত কৈছে, দেশখনৰ নিৰাপত্তা আৰু স্থিতিশীলতা ক্ষুণ্ণ হ’ব পৰা আচৰণ বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে তেওঁক।

আনহাতে, ৰাজকুমাৰ হামজা-এ কোনো ধৰণৰ ষড়যন্ত্রত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। এটা ভিডিঅ’ বার্তাত ৰাজকুমাৰ হামজাই কৈছে যে, ৰাতিপুৱা জর্ডানৰ সশস্ত্র বাহিনীৰ প্ৰধানৰ কৰ্মচাৰীসকলে তেওঁৰ সৈতে দেখা কৰিছে। তেওঁক বাহিৰলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই। ইয়াৰোপৰি ৰাজকুমাৰ হামজাই জনাইছে, তেওঁৰ বহুকেইজন বন্ধুকো আটক কৰা হৈছে। তেওঁৰ নিৰাপত্তা বাহিনীকো প্রত্যাহাৰ কৰা হৈছে। ইন্টাৰনেট আৰু টেলিফোনৰ সংযোগ বন্ধ কৰি দিয়া হৈছে। ৰাজকুমাৰ হামজাই জনাইছে, তেওঁ কোনো ধৰণেৰে এই চৰকাৰৰ ব্যর্থতা বা দুর্নীতিৰ সৈতে যুক্ত নহয়।

Your Comments