ম্যানমাৰত মৃত্যুৰ সংখ্যা ৫৫০ পাৰ হ’ল, ইয়াৰ ভিতৰত শিশুৰ সংখ্যাই ৪৬

Myanmar violence

ম্যানমাৰত মৃত্যুৰ সংখ্যা ৫০০ পাৰ হৈ গ’ল। স্বৈৰতান্ত্রিক চৰকাৰৰ অৱসান লগতে মানৱাধিকাৰ আৰু সমতা প্রতিষ্ঠাৰ দাবীত যোৱা দুমাহ ধৰি তীব্র বিক্ষোভ-আন্দোলন চলিছে ম্যানমাৰত। শনিবাৰে ৰাতিলৈকে প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমানলৈকে এই বিক্ষোভৰ ফলত ম্যানমাৰত মৃত্যু হৈছে মুঠ ৫৫৭ জন লোকৰ। নিহতৰ তালিকাত শিশুৰ সংখ্যাই ৪৬ জন ৷

ম্যানমাৰৰ ঘটনাৰ ফলত উদ্বিগ্ন সমগ্ৰ বিশ্ব। গণতন্ত্র প্রতিষ্ঠাৰ বাবে সেই দেশৰ গণ-আন্দোলন প্রায় দুমাহ চলি আছে। ফলত তাত ক্রমশঃ বাঢ়িছে মৃত্যুৰ সংখ্যা। আটক ব্যক্তিৰ সংখ্যা আঢ়ৈ হাজাৰৰো অধিক। শনিবাৰে এই তথ্য প্রকাশ কৰে ম্যানমাৰৰ এক মানৱাধিকাৰ সংগঠনে।

ম্যানমাৰত সেনাশাসনৰ বিৰুদ্ধে ৰাজপথত বিক্ষোভৰ লগতে তাত ধাৰাবাহিক ভাৱে ধর্মঘট-অসহযোগৰ দৰে আন্দোলনো চলিছে। আজি দেওবাৰে ম্যানমাৰত সেনাশাসনেমৰ বিৰোধীসকলে তেওঁলোকৰ প্রতিবাদত অভিনৱত্ব লৈ আহিছে। আজি এই ইষ্টাৰ দেওবাৰটোত তেওঁলোকে তেওঁলোকৰ প্রতিবাদৰ অংশ হিচাপে 'ইষ্টাৰ এগ' প্ৰস্তুত কৰিছে। এই 'ইষ্টাৰ ডিম' সেনাশাসনৰ প্রতি তেওঁলোকৰ অৱজ্ঞা আৰু অৱহেলা প্রদর্শনৰ প্রতীক বুলি তেওঁলোকে কৈছে।

Your Comments