মার্চৰ শেষৰদিনটোত ৭৩ বছৰৰ অভিলেখ ভংগ কৰিলে ভুৱনেশ্বৰে ৷ চলিত ঋতুৰ বিশ্বৰ 'উষ্ণতম' স্থান হিচাপে নতুন অভিলেখ স্থাপন কৰিলে ভাৰতৰ ভুৱনেশ্বৰে।
থার্মোমিটাৰৰ পাৰাই বুধবাৰে উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত ৪৪.২ ডিগ্রী ছেলছিয়াছ চুলে । ইযাৰ লগতে ভংগ হয় বিগত ৭৩ বছৰৰ ৰেকর্ড।
উল্লেখ যোগ্য, যোৱা বহুদিন ধৰি উৰিষ্যাত গৰম বতাহৰ চলাচল হৈছে। মঙ্গলবাৰে ময়ূৰভঞ্জ জিলাৰ বাৰিপদাত পাৰা উঠিছিল ৪৪.৬ ডিগ্রী ছেলছিয়াছলৈ। যি এই ঋতুৰ ভাৰত তথা বিশ্বৰ সর্বোচ্চ উষ্ণতা। ইয়াৰ পিছদিনাই অভিলেখ গঢ়িলে ভুৱনেশ্বৰে!
উল্লেখ্য, ১৯৪৮ চনত উৰিষ্যাৰ ৰাজধানী হিচাপে স্বীকৃতি পায় ভুবনেশ্বৰে ৷ তাৰপিছৰপৰা কোনোদিন মার্চ মাহত ইমান গৰম পৰা নাই ভুৱনেশ্বৰত। ইয়াৰ আগত ২০১৬-ৰ ২১ মার্চত তাপমাত্রাত অভিলেখ হৈছিল ৪২.২ ডিগ্রী ছেলছিয়াছ।
কিন্তু কেৱল ভুৱনেশ্বৰ নহয়, ভুৱনেশ্বৰৰ লগতে জুটি বান্ধি বিশ্বৰ উষ্ণতম স্থানৰ তালিকাত ৰৈছে উৰিষ্যাৰ অন্য এখন চহৰ বালাচোৰো। বালাচোৰত পাৰাই থাৰ্মমিটাৰৰ ৪৩ ডিগ্রী ছেলছিয়াছ চুইছেগৈ ।
পশ্চিমৰপৰা অহা গৰম আৰু শুকান বতাহৰ বাবে পাৰা ইমান ওপৰলৈ উঠিছে বুলি জনাইছে জলবায়ু ভৱনৰ কৰ্তৃপক্ষই। উৰিষ্যাৰ প্রায় ১৩খন ঠাইত মার্চৰ শেষৰদিনত সর্বোচ্চ তাপমাত্রা ৪১ ডিগ্রী পাৰ হৈ গৈছে।
ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰপৰা ২১ খন জিলাত 'হালধীয়া সতর্কতা' জাৰি কৰা হৈছে। ইয়াৰ লগতে তাপমাত্রা আৰু ৪ ডিগ্রী পর্যন্ত বাঢ়িব পাৰে বুলিও সতর্ক কৰা হৈছে।
- Log in to post comments
- 16 views