ক'ভিড-আতঙ্কত ফ্রান্সত ২১ দিন বন্ধ স্কুল

Corona situation

ক’ৰ’না-সংক্রমণ নিয়ন্ত্রণত অধিক কঠোৰ হৈছে ফ্রান্স। তাত দেশ জুৰি স্বাস্থ্যবিধি মানি চলাৰ বাধ্যবাধকতাৰ লগতে আৰোপ কৰা হৈছে নানা বিধিনিষেধো।

ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বুধবাৰে এক টেলিভিচন-ভাষণত স্কুল বন্ধৰ কথা জনায়। ক’ৰ’নাৰ সংক্রমণ বৃদ্ধি পোৱাত অহা তিনি সপ্তাহ সকলো স্কুল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ফ্রান্সে। অনলাইনত শিক্ষা কার্যক্রম পৰিচালনা কৰা হ’ব।

নতুনকৈ দিয়া নির্দেশনাত চলিত বিধিনিষেধ আৰু এক মাহ বঢ়োৱাৰ পৰিকল্পনাৰ কথা জনোৱা হৈছে। অহা শনিবাৰৰপৰা ফ্রান্সত জৰুৰী দোকান-পোহাৰ বাদ দি অন্য দোকান বন্ধ থাকিব। জৰুৰী প্রয়োজন নহ’লে কোনো অঞ্চলৰ ব্যক্তি তেওঁৰ নিজৰ ঘৰৰপৰা ১০ কিলোমিটাৰতকৈ অধিক দূৰ যাব নোৱাৰিব। 

ফৰাচী ৰাষ্ট্ৰপতি গৰাকীয়ে জনাইছে, “আমি যদি এতিয়াও সচেতন নহওঁ তেতিয়া আমাৰ পৰিস্থিতিৰ ওপৰত নিয়ন্ত্রণ হেৰাই যাব” ৷

Your Comments