শিশুসকলৰ বাবে ক’ভিড ভেক্‌চিন, ১০০% কাৰ্যকৰী, দাবী BioNTech-Pfizer ৰ

Covid vaccine

এইবাৰ শিশুসকলৰ বাবে ক’ৰ’না ভেক্‌চিন লৈ আহিছে BioNTech-Pfizerএ। ১২ ৰপৰা ১৫ বছৰ বয়সৰ শিশুসকলৰ বাবে এই ভেক্‌চিন ইতিমধ্যে তৃতীয় পর্যায়ৰ ট্রায়েলত সফল হৈছে। মার্কিন যুক্তৰাষ্ট্রত প্রায় ২২৬০ জন নাবালকৰ ওপৰত এই টিকা প্রয়োগ কৰি দেখা গৈছে যে এই ভেক্‌চিন ১০০ শতাংশ কার্যকৰী আৰু শক্তিশালী এন্টিবডি উৎপাদক, দাবী সংস্থাৰ। 

Covid vaccine

Pfizer সংস্থাৰ প্ৰধান এক্‌জিকিউটিভ এলবাৰ্ট বৌৰলাই জনাইছে তেওঁ ইতিমধ্যে Food and Drug Administration (FDA) ক ভেক্‌চিনৰ জৰুৰী ব্যৱহাৰৰ বাবে এই তথ্য দিয়াৰ পৰিকল্পনা কৰিছে। পৰৱর্তী শিক্ষাবর্ষ আৰম্ভ হোৱাৰ আগতেই যাতে এই ভেক্‌চিন বিশ্বজুৰি দিয়া যায় সেই ব্যৱস্থাৰ কথাও জনাইছে তেওঁ।

উল্লেখ্য,  BioNTech/Pfizerএ প্ৰস্তুত কৰা ভেক্‌চিন ইয়াৰ পূৰ্বে মার্কিন যুক্তৰাষ্ট্র আৰু ইউৰোপ উভয় দেশতেই ১৬ বছৰ আৰু তাৰ উর্ধ্বৰ সকলৰ বাবে অনুমোদন জনোৱা হৈছে। ৬৫ খন দেশত উক্ত সংস্থাৰ ভেক্‌চিন বর্তমান ব্যৱহাৰ কৰা হৈছে। ইমানদিন ডাঙৰসকলৰ বাবে ভেক্‌চিন প্ৰস্তুত হ’লেও শিশুসকলৰ বাবে এইবাৰেই কার্যতঃ আশাৰ ৰেঙনি দেখুৱাইছে এই ভেক্‌চিনে।

Your Comments