দেশত ৬ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হ'ল ক'ৰ'না ভেকচিন

Pic

ভাৰতত ক'ৰ'না সংক্ৰমণৰ দ্বিতীয়টো ঢৌ ক্ৰমাৎ শক্তিশালী হোৱাৰ সময়তে টীকাকৰণ প্ৰক্ৰিয়াও দ্ৰুতগতিত চলিবলৈ আৰম্ভ ধৰিছে।৩০ মাৰ্চলৈ দেশত ক'ৰ'না ভেকচিনৰ  ৬ কোটি,১১ লাখ,১৩ হাজাৰ,৩৫৪ টা ডোজ প্ৰদান কৰা হৈছে।

ইফালে,১ এপ্ৰিলৰ পৰা ভেকচিন গ্ৰহণ কৰিব পাৰিব ৪৫ বছৰৰ উৰ্ধৰ লোকসকলে।ইয়াৰ বাবে কাষৰীয়া টীকাকৰণ কেন্দ্ৰত পঞ্জীয়ন কৰিব লাগিব।

উল্লেখ্য যে বৰ্তমানলৈ ক'ৰ'না সংক্ৰমণৰ অধিক সম্ভাৱনা থকা কৰ্মক্ষেত্ৰৰ কৰ্মচাৰী,ক'ৰ'না যোদ্ধা, বয়োজ্যেষ্ঠ লোক আৰু গুৰুতৰভাৱে ৰোগাক্ৰান্ত লোককহে ক'ৰ'না টীকাকৰণ কৰা হৈছিল।

Your Comments