লাদাখত ভাৰতীয় ভূখণ্ডত সোমাইছে চীনা সৈন্য। এনেদৰেই অভিযোগ উত্থাপন কৰে কংগ্রেছ-সহ একাধিক বিৰোধী দলে। সেই দাবী অমান্য কৰিলে সেনাপ্রধান এম এম নাৰাভানে।
পূর্ব লাদাখত চীনৰ সৈতে সীমান্ত উত্তেজনা থাকিলেও ভাৰতীয় ভূখণ্ডৰ এক ইঞ্চিও চীনক এৰি দিয়া নাই। সীমান্তৰ কোনো অংশতেই পিছুৱাই অহা নাই ভাৰত। আগতে য’ত আছিল, এতিয়াও তাতেই আছে ভাৰতীয় সেনা। মঙ্গলবাৰে সংবাদ মাধ্যমক এনেদৰেই জনালে সেনাপ্রধান গৰাকীয়ে।
ভাৰত-চীনৰ মাজত সীমান্ত উত্তেজনা বৃদ্ধি পায় যোৱা বছৰ জুন মাহত। গালৱানত এক অস্থায়ী চৌকি স্থানান্তৰ কৰাক কেন্দ্র কৰি ভাৰত আৰু চীনা জোৱানসকলৰ সংঘর্ষত ২০ ভাৰতীয় জোৱান শ্বহীদ হয়। চীনা শিবিৰতো অনেক জনৰ মৃত্যু হ’লেও সেই কথা তেওঁলোকে স্বীকাৰ কৰা নাই। উক্ত ঘটনাৰ পিছত সৰব হয় কংগ্রেছ আৰু অন্যান্য বিৰোধী দল সমূহ। তেওঁলোকৰ দাবী, নৰেন্দ্র মোদীয়ে দেশৰ জনতাক ক’ব লাগিব, চীনা সেনাই ভাৰতীয় ভূখণ্ড দখল কৰিছেনে নাই।
সীমান্ত উত্তেজনা হ্ৰাস কৰিবলৈ দুইদেশৰ মাজত কমাণ্ডাৰ পর্যায়ৰ বৈঠক হয়। যোৱা ১ ফেব্ৰুৱাৰীত এলএচি ৰপৰা সেনা আঁতৰোৱা আৰম্ভ কৰিছে দুইদেশে। নাৰাভানে জনাই,পেংগং লেকৰ উত্তৰ আৰু দক্ষিণ সীমান্তৰপৰা সেনা তেওঁলোকৰ নিকটৱর্তী শিবিৰলৈ ঘুৰি গৈছে।
- Log in to post comments
- 15 views