প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ পাছপোৰ্ট পুনৰ্নবীকৰণ নকৰিলে কেন্দ্রই

Mehbooba Mufti

জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফতিৰ পাছপোৰ্ট পুনর্নবীকৰণ নকৰিলে কেন্দ্রীয় চৰকাৰে। স্থানীয় আৰক্ষীয়ে 'বিপজ্জনক' ৰিপোর্ট পোৱাৰ পিছত মেহবুবাৰ আবেদন খাৰিজ কৰিছে বিদেশমন্ত্রালয়ে। ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রীক চিঠি দি বিষয়টি জনোৱা হৈছে। 

Tweet

পত্রপ্রাপ্তিৰ পিছতেই চৰকাৰক লক্ষ্য কৰিছে মেহবুবা মুফতিয়ে তেওঁৰ কথাত,'চিআইডি ৰিপোর্ট অনুসৰি, মই ভাৰতৰ নিৰাপত্তাৰ বাবে বিপজ্জনক। সেই কাৰণে পাছপোর্ট পুনর্নবীকৰণ কৰা নহ’ল । এয়াই কাশ্মীৰৰ প্রকৃত অৱস্থা। ২০১৯ চনৰ পিছত কাশ্মীৰৰ সকলো বিলাকেই স্বাভাৱিক বুলি দাবী কৰা হৈছে। এইবাৰ মুখ্যমন্ত্রীৰ পাছপোর্ট পুনর্নবীকৰণো দেশৰ বাবে বিপদ হৈ উঠিছে।'   

Tweet          

এই ঘটনাত মেহবুবাৰ কাষত ঠিয় দিছে তেওঁৰ ৰাজনৈতিক বিৰোধী ওমৰ আবদুল্লা। তেওঁ টুইট কৰিছে, 'জম্মু-কাশ্মীৰ আৰক্ষীয়ে লাজ পোৱা উচিত। যেতিয়া বিজেপিৰ সৈতে জোটত আছিল মুফতি, তেতিয়া কি বিপজ্জনক নাছিল ? মুখ্যমন্ত্রিত্বৰ লগতে আৰক্ষী বিভাগ তেওঁৰ হাতত আছিল। এতিয়া হঠাৎ তেওঁ বিপদ হৈ উঠিল।'         

কিছুদিন পূৰ্বে মেহবুবা মুফতিয়ে মন্তব্য কৰিছিলে, ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা হোৱা দৰকাৰ, বিশেষকৈ জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত। বৰ্তমান গৃহবন্দিত্বৰ পৰা মুক্তি পাইছে মেহবুবা-এ।  

Your Comments