বৰ্ধিত ক'ৰ'না সংক্ৰমণৰ মাজতে আজি দেশজুৰি পালন কৰা হৈছে হোলী।ইফালে,বৰ্ধিত সংক্ৰমণৰ দিশলৈ লক্ষ্য ৰাখি দিল্লী,মহাৰাষ্ট্ৰ,বিহাৰ আদি কেইবাখনো ৰাজ্যত চৰকাৰে কঠোৰ ক'ৰ'না প্ৰতিৰোধী নীতি-নিৰ্দেশনা বলৱৎ কৰিছে।দিল্লীত বহু লোক গোট খোৱা হোলী সম্পৰ্কীয় অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী চৰকাৰে।একেদৰে,হাৰিয়ানাতো হোলীৰ সাৰ্বজনীন অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।বিহাৰত হোলীৰ বাবে একে স্থানত বহু লোক সমবেত হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।মহাৰাষ্ট্ৰত ক'ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনা ভংগ কৰা লোকক জৰিমনা ভৰাব প্ৰশাসনে।
- Log in to post comments
- 12 views