দৌলযাত্ৰা উপলক্ষে সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক জাননী যোগে ঘোষণা কৰিছে এই কথা।
উক্ত দিনটোত জিলাখনত সকলো ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী, অৰ্ধ চৰকাৰী, চক্ৰবিষয়া কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব।
ইফালে ক’ভিড-১৯ নীতি- নিৰ্দেশনা পালন কৰি মহানগৰীৰ জনতাক হোলী উদযাপন কৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ।
- Log in to post comments
- 23 views