আপোনাৰ যদি আধাৰ কাৰ্ড হেৰাইছে, এতিয়া আৰু চিন্তাৰ কাৰণ নাই ৷ সহজতেই ঘৰতে বহি ১৫ দিনৰ ভিতৰত পায় যাব আপোনাৰ নতুন আধাৰ কাৰ্ড ৷ কেনেকৈ পঢ়ি জানি লওক ৷
১) প্ৰথমে UIDAI বা Unique Identification Authority of India ৰ ৱেবছাইট uidai.gov.in খুলিব লাগিব।
২) ৱেবছাইটৰ হোমপেজত গৈ 'My Aadhar' অপচনত ক্লিক কৰিলে কেইবাটাও লিষ্ট ফৰমেট চকুত পৰিব।
৩) উক্ত তালিকাত 'Aadhar Service' ৰ 'Retrieve Lost or Forgotten EID / UID' এই অপচনত ক্লিক কৰিব লাগিব।
৪) ইয়াৰ পিছতে আপুনি আপোনাৰ তথ্য সমূহ দিব লাগিব ৷ নিজৰ ইচ্ছা অনুসৰি এটা নম্বৰ বাছনি কৰিব লাগিব। নিজৰ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল-আইডি পূৰণ কৰাৰ পিছত Captcha আহিব স্ক্রিনত। Send OTP অপচনত ক্লিক কৰিব লাগিব।
৫) আপোনাৰ মোবাইললৈ নম্বৰত ৪ বা ৬ ডিজিট কোডৰ এটা OTP আহিব। ইয়াৰ পিছত পুনৰ মোবাইল নম্বৰত আপোনাৰ EID/UID নম্বৰ আহিব।
৬) সৰ্বশেষত এটা পেমেন্ট গেটৱে পেজ আহিব। যিকোনো ডিজিটেল পেমেন্টৰ যোগেদি ৫০ টকা দিলেই আধাৰ কার্ডৰ হার্ড কপি ১৫ দিনৰ ভিতৰত পাবহি আপোনাৰ ঘৰ স্পিড পোষ্টৰ মাধ্যমেৰে ।
- Log in to post comments
- 26 views