নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা সাংসদ তপন কুমাৰ গগৈৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ অৱস্থিতি

Tapan kumar gogoi

শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত কৰ’না সংক্ৰমণৰ হাৰ বৃদ পাইছে। ফলত পুনৰ লক্‌ডাউনৰ পৰিস্থিতি আহি পৰিছে ৷ যোৰহাটো এই ক্ষেত্ৰত পিছ পৰি থকা নাই।

আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আক্ৰান্ত হৈছে কোভিড-১৯ ৰোগত । এই কথা পোহৰলৈ আহে দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মোদীৰ সৈতে সভাত অংশগ্ৰহণ কৰিবলগীয়া বহু লোকৰ কোভিড-১৯ পৰীক্ষা কৰাৰ সময়ত । যদিও  সাংসদগৰাকী লক্ষণবিহীন কৰ’না ভাইৰাছত আক্ৰান্ত । সাংসদ গগৈৰ সংক্ৰমণৰ ঘটনাৰ পিছতে বহুলোক লক্ষণবিহীন কোভিড-১৯ত আক্ৰান্ত হৈ থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

Coronavirus

চিন্তাৰ বিষয়টো হৈছে, ভেক্‌চিনক লৈ বহু উৰাবাতৰি বিয়পি পৰাৰ ফলত কোভিড-১৯ৰ ভেক্‌চিন প্ৰতি জনসাধাৰণৰ সঁহাৰি আশাব্যঞ্জক নহয়।একাংশ লোক ভেক্‌চিন লোৱাৰ পৰা বিৰত আছে ৷ ইয়াৰোপৰি, জনসাধাৰণে মাস্ক পৰিধান কৰিবলৈ বাদ দিয়াৰ লগতে হাত ধুই থকাৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থাসমূহো নোলোৱা হৈছে ৷ অচিৰেই ৰাইজ সজাগ হৈ নুঠিলে কৰ’না ভাইৰাছৰ সংক্ৰমণে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আহি পৰিছে ।

Your Comments