হাফ্‌পেন্ট পৰিহিত মোদীৰ ফটো দি তীৰ্যক মন্তব্য প্ৰিয়ংকাৰ

priyanka on ripped jeans case

ৰিপ্‌ড জিন্সক লৈ উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটৰ মন্তব্যৰ বিৰোধিতা কৰিলে এইবাৰ প্রিয়ঙ্কা গান্ধীয়ে । সঙ্ঘৰ খাকি হাফ পেন্টত 'স্বয়ংসেৱক' নৰেন্দ্র মোদী আৰু নীতিন গাদকাৰীৰ ফটো দি কটাক্ষ কৰিলে কংগ্রেছ নেত্রী গৰাকীয়ে। 

নৰেন্দ্র মোদী, নিতিন গাদকাৰী আৰু সৰসঙ্ঘচালক মোহন ভাগৱতৰ ফটো টুইট কৰিছে প্রিয়ঙ্কাই । ফটোখনত দেখা গৈছে, আৰএছএছৰ পুৰণা পোচাক বগা চাৰ্ট আৰু খাকি হাফ পেন্ট পিন্ধি আছে তেওঁলোকে। এই ফটো সমূহ দি প্রিয়ঙ্কাৰ তীৰ্যক মন্তব্য,'হে ঈশ্বৰ! এওঁলোকৰ আঠু দেখা পোৱা গৈছে। #RippedJeansTwitter'   

Tweet

উল্লেখ যোগ্য যে, উত্তৰাখণ্ডৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্রী তথা বিজেপি নেতা তিৰথ সিং ৰাৱটে মঙ্গলবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা কমিচনৰ এখন কর্মশালাত মহিলাই ৰিপ্‌ড জিন্স পিন্ধাক লৈ কটু মন্তব্য কৰিছিল ৷ কেৱল সেয়াই নহয় জিন্স পিন্ধা মহিলাই সমাজ সেৱা কৰিলে সমাজলৈ বেয়া বাৰ্তা যাব বুলিও মন্তব্য কৰে ৷

তিৰথৰ বিতর্কিত মন্তব্যত সমালোচনাৰ ঢৌ উঠিছে সামাজিক যোগাযোগ মাধ্যমত। মহিলাসকলে ৰিপ্‌ড জিন্স পিন্ধি ফটো দি প্রতিবাদ কৰিছে। সমালোচনাত সৰব হৈছে জয়া বচ্চন। আনহাতে, তিৰথৰ পত্নী ৰশ্মি ত্যাগীয়ে স্পষ্টীকৰণ দিছে,'তেওঁ ক’বলৈ বিচাৰিছিল, পশ্চিমীয়া সংস্কৃতিৰ পিছত অন্ধৰ দৰে দৌৰিছে। হাজাৰ বছৰৰ প্রাচীন আমাৰ সংস্কৃতি অনুকৰণ কৰা নাই। তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা হৈছে।'       

উল্লেখনীয় যে, এই সন্দৰ্ভত তিৰথ বা বিজেপিৰ আন কোনো নেতাই ক্ষমা বিচৰা বা স্পষ্টীকৰণ আগবঢ়োৱা নাই ৷

Your Comments