কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী সকলৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব পাৰে দৰমহা। মাহেকীয়া দৰমহাৰ ক্ষেত্ৰত হ'বলগীয়া সাল-সলনিৰ পিছতেই বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে দৰমহা।
উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ লাখ লাখ কৰ্মচাৰীয়ে যোৱা কিছু সময় ধৰি সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হ’বলৈ অপেক্ষা কৰি আছে। চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই দেশত নতুন বেতন কোড ৰূপায়ণ কৰা হ'ব বুলিও আশা প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনিও সলনি হ'ব।
হ’ব লগীয়া সাল-সলনি সমূহৰ পিছত কৰ্মচাৰীসকলৰ টেক হোম দৰমহাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব । নতুন নিয়মৰ অধীনত কৰ্মচাৰীসকলৰ প্ৰাথমিক দৰমহা, মুঠ দৰমহাৰ ৫০ শতাংশ হ'ব। আনহাতে, ইয়াৰ লগে লগে ভৱিষ্যত নিধি বা পি এফতো অধিক পৰিমাণে ধন জমা হ'ব। তদুপৰি, সপ্তম দৰমহা আয়োগ কাৰ্যত ৰূপায়ণ কৰাৰ পিছতে বাঢ়িব পাৰে দৰমহা।
- Log in to post comments
- 72 views