পেট্ৰ’ল–ডিজেলৰ দামৰ সবিশেষ জানো আহক তেল ভৰোৱাৰ আগতে

Oil price hike

পেট্ৰ’ল–ডিজেলৰ দামৰ ক্ষেত্ৰত আজি ক্ৰমাগতভাৱে নৱম দিনটোতো তেল কোম্পানীসমূহে দামৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই। খাৰুৱা তেলৰ দাম ৭০ ডলাৰ প্ৰতি বেৰেল হোৱাৰ বিপৰীতে ঘৰুৱা বজাৰত তেলৰ দাম স্থিৰ হৈ আছে, যদিও তেলৰ দাম বৰ্তমান সৰ্বোচ্চ স্তৰত চলি আছে ৷ জানিব পৰা অনুসৰি, সোমবাৰে দিল্লীৰ বজাৰত পেট্ৰ’লৰ দাম ৯১.১৭ প্ৰতিলিটাৰ আৰু ডিজেলৰ দাম ৮১.৪৭ টকা হৈছেগৈ। আহকচোন আজিৰ দিনটোত দুখনমান চহৰৰ দামসমূহ পৰ্যবেক্ষণ কৰোঁ -

Oil price

দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯১.১৭ টকা আৰু ডিজেলৰ দাম ৮১.৪৭ টকা।
মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৭.৫৭ টকা আৰু ডিজেলত ৮৮.৬০ টকা।
কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লত ৯১.৩৫ টকা আৰু ডিজেলত ৮৪.৩৫ টকা।
চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৩.১১ টকা আৰু ডিজেলত ৮৬.৪৫ টকা।
নয়দাত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯.৩৮ টকা আৰু ডিজেলত ৮১.৯১ টকা।
বেংগালুৰুত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৪.২২ টকা আৰু ডিজেলত ৮৬.৩৭ টকা।
ভূপালত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৯.২১ টকা আৰু ডিজেলত ৮৯.৭৬ টকা।
চণ্ডীগড়ত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৭.৭৩ টকা আৰু ডিজেলত ৮১.১৭ টকা।
পাটনাত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৩.৪৮ টকা আৰু ডিজেলত ৮৮.৭৩ টকা।
লক্ষ্ণৌত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯.৩১ টকা আৰু ডিজেলত ৮১.৮৫ টকা।

সৰ্বশেষত গুৱাহাটী মহানগৰীত আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮৭.৯৮ টকা আৰু ডিজেলত ৮২.২১ টকা হৈ আছে ৷

Your Comments