কৰ’নাৰ পুনৰ তাৰ খেলা দেখুৱাবলৈ আৰম্ভ কৰিছে। যাৰ তাণ্ডৱত ক্রমশঃ পুনৰ বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। সেয়ে আকৌ নতুন গাইডলাইন জাৰি কৰি দেশবাসীক সতর্ক কৰিবলৈ বিচাৰিছে কেন্দ্রই। বৃহস্পতিবাৰে নতুনকৈ মল, ৰেস্তোৰা আৰু ধর্মীয় স্থানৰ বাবে গাইডলাউন জাৰি কৰা হৈছে।
এইবাৰ অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ সংক্রমণৰ ক্ষমতা এইবাৰ অধিক । ৰেস্তোৰাত খাদ্যৰ পৰিবেশনতো মানিব লাগিব কাঢ়া নিয়মাৱলী। আনহাতে, হ’ম ডেলিভাৰী ষ্টাফসকলৰো থার্মেল স্ক্রিনিং কৰিব লাগিব। উল্লেখ্য, মার্চৰ ১ তাৰিখৰপৰা বলবৎ হ’ব এই নতুন গাইডলাইন।
ধর্মীয়স্থানত প্ৰৱেশ কৰাৰ আগতে হাত চেনিটাইজ কৰা বাধ্যতামূলক। ইয়াৰ লগতে থার্মেল স্ক্রিনিঙো থাকিব। কেৱল মাত্ৰ এচিম্টমেটিক সকলেহে প্ৰৱেশৰ অনুমতি পাব।
শ্বপিং মলৰ বাবে পুনৰ জাৰি কৰা গাইডলাইন সমূহ-
১) সামাজিক দূৰত্বৰ নিয়মাৱলী নিশ্চিত কৰিবলৈ পর্যাপ্ত কর্মী মোতায়েন কৰিব লাগিব।
২) অতিৰিক্ত সতর্কতা অৱলম্বন কৰিব লাগিব সকলো কর্মচাৰীয়ে।
৩) ফ্রন্ট-লাইন কর্মীসকলে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাটো উচিত নহ’ব ।
৪) দর্শনার্থী, শ্রমিক আৰু পণ্য - সৰবৰাহকাৰীসকলৰ বাবে পৃথকভাৱে প্রৱেশ আৰু প্রস্থানৰ ব্যৱস্থা ৰাখিব লাগিব।
ৰেস্তোৰাৰ বাবে জাৰি কৰা গাইডলাইন সমূহ হ’ল-
১) গ্রাহকসকলে সাৱধানতা অৱলম্বন কৰিবলৈ ডাইনিঙৰ পৰিৱৰ্তে ঘৰলৈ অৰ্ডাৰ দি খোৱাৰ প্রতি উৎসাহিত কৰিব লাগিব।
২) হ’ম ডেলিভাৰী কর্মীসকলক খাদ্য ডেলিভাৰী দিবলৈ অনুমতি দিয়াৰ পূৰ্বে থার্মেল স্ক্রিনিং কৰিব লাগিব।
৩) যথাযথভাৱে সামাজিক দূৰত্বৰ নিয়মসমূহ অনুসৰণ কৰিব লাগিব। ৰেস্তোৰাৰ সন্মুখত ভিৰ কৰিবলৈ দিব নালাগিব।
৪) ৰেস্তোৰাৰ ভিতৰত খোৱাৰ স্থানত দুৰত্ব বজায় ৰাখিব লাগিব।
ধর্মীয় স্থানৰ বাবে জাৰি কৰা গাইডলাইন সমূহ হৈছে-
১) প্ৰৱেশৰ পূৰ্বে হাত ধোৱা আৰু থার্মেল স্ক্রিনিং বাধ্যতামূলক কৰিব লাগিব।
২) কেৱল এচিম্টমেটিক সকলক প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
৩) মাস্ক নাথাকিলে প্রৱেশৰ অনুমতি দিয়া নহ’ব ।
৪) কৰ’না ভাইৰাছ সম্পর্কে প্রতিৰোধমূলক ব্যৱস্থা সম্পর্কিত প’ষ্টাৰসমূহ বিশেষ বিশেষ স্থানত প্রদর্শিত কৰি ৰাখিব লাগিব ।
- Log in to post comments
- 24 views