সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই আজি ঘোষণা কৰা হ'ব পাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন।দিল্লীত আজি বিয়লি ৪.৩০ বজাত নিৰ্বাচন আয়োগে সম্বোধন কৰিব গুৰুত্বপূৰ্ণ সংবাদমেল।উক্ত সংবাদমেলতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ যে নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যত জাৰি হ'ব নির্বাচনী অধিসূচনা।
গুৰুত্বপূৰ্ণ যে অসমৰ উপৰিও আয়োগে পশ্চিমবংগ,কেৰেলা,তামিলনাডু আৰু পণ্ডিচেৰীৰো বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব।
- Log in to post comments
- 5 views