"উদ্যোগ ধ্বংসকাৰী অসমৰ প্ৰথমজন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী"-অদীপ কুমাৰ ফুকন

Pic

"অসমৰ উদ্যোগ ধ্বংসকাৰী প্ৰথমজন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।তেওঁৰ দিনত অসমত ৪২ টা ক্ষুদ্ৰ উদ্যোগ বন্ধ হ'ল"-এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনৰ।

"পাটোৱাৰীৰ দিনতে অসমৰ দুটাকৈ কাগজ কল বন্ধ হৈ যোৱাৰ ক্ষেত্ৰত পূৰ্ণাংগ ৰূপ পালে।গঢ়ি উঠিব লগা বহুকেইটা উদ্যোগ গঢ়ি নুঠিল।গেছ ক্রেকাৰৰ পৰা ১৫শ অধিক ভতিয়নী উদ্যোগ হ'ব লাগিছিল কিন্তু নহ'ল"-ফুকনে লগতে কয়। কাছাৰ আৰু জাগীৰোড কাগজ কল পুনৰোজ্জীৱিত কৰা আৰু ৰাজহুৱা খণ্ডত থকা সন্দৰ্ভত ৰাইজৰ সন্মুখত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য ৰাখিম বুলি কোৱা প্ৰসংগক কটাক্ষ কৰি এজেপিৰ উপ-সভাপতিগৰাকীয়ে কয়-"সন্মুখত নিৰ্বাচন,তেওঁলোকে আভুৱা ভাৰিছে।পাটোৱাৰীৰ ভাষ্যত এজেপিয়ে কেতিয়া বিশ্বাস নকৰে।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰক।লোকসভা-ৰাজ্যসভাৰ অধিৱেশন চলি আছে।অসমৰ উদ্যোগমন্ত্ৰীয়ে গৈ হেঁচা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰক কাগজকল দুটা ৰাজহুৱা খণ্ড হৈ থাকিব বুলি।তেতিয়া তেওঁক আমি দক্ষ বুলি ভাবিম।"

আনহাতে,অসম তথা উত্তৰ-পূব একত্ৰিত হৈ থকাটো কেন্দ্ৰীয় চৰকাৰে নিবিচাৰে বুলি উল্লেখ কৰি ফুকনে কয়-"অসম আৰু উত্তৰ- পূৰ্বাঞ্চলৰ সীমা সমস্যাৰ স্থায়ী সমাধান কেতিয়াও নিবিচাৰে।কাৰণ উত্তৰ-পূব একত্ৰিত হৈ থাকিলে দক্ষিণ-পূব এছিয়াত শক্তিশালী স্থিতি গ্ৰহণ কৰিব পাৰে।তাৰ বাবে উত্তৰ-পূব একত্ৰিত হ'ব নোৱাৰাকৈ সীমা সমস্যা সমূহ জীয়াই ৰাখে।"

Your Comments