"কোভিড-১৯তকৈয়ো ভয়াৱহ ভাইৰাছ নাগৰিকত্ব সংশোধনী আইন-২০১৯"

Pic

"কোভিড-১৯তকৈয়ো ভয়াৱহ ভাইৰাছ নাগৰিকত্ব সংশোধনী আইন-২০১৯।কা' অসমত কাৰ্যকৰী কৰিলে বিজেপিৰ বিৰুদ্ধে শক্তিশালী ঐক্যবদ্ধ প্ৰতিৰোধ সংগ্রাম গঢ়ি তুলিব অসম জাতীয় পৰিষদে।"অসমবাসীৰ আন্দোলনক পুনৰ গুৰুত্বহীন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশজুৰি কভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ পাছতে কা' কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে এইদৰে সৰৱ হৈ পৰে নৱগঠিত আঞ্চলিক দলটো।

শুকুৰবাৰে দলৰ মুখ্য কাৰ্যালয়ত দলৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনে সংবাদমেল সম্বোধন কৰি কয়-"'কা' কাৰ্যকৰী কৰি অসমীয়া জাতিক ধ্বংসৰ পদক্ষেপ গ্ৰহণ কৰিলে বিজেপি চৰকাৰ যিকোনো প্ৰত্যাহ্বান,পৰিণামৰ বাবে সাজু থাকিব লাগিব।"

নগাঁও আৰু কাছাৰ কাগজ কলক পুনৰুজ্জ্বীৱিত কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে লিকুইডাইচনৰ প্ৰক্ৰিয়াক সমৰ্থন জনোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাই এজেপিয়ে।এই সন্দৰ্ভত ফুকনে কয়-"বিজেপি দল আৰু চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰি অসমবাসীক চূড়ান্ত অপমান কৰিছে।কেন্দ্ৰীয় চৰকাৰক কাগজ কল দুটা পুনৰুজ্জ্বীৱিত কৰাৰ।ক্ষেত্রত সোণোৱাল চৰকাৰে বাধ্য কৰিব নোৱাৰা অৱস্থাই স্পষ্ট কৰি দিলে যে ৰাজ্য চৰকাৰখন অতি দুৰ্বল চৰকাৰ আৰু অসমৰ জনগণৰ পক্ষত থিয় হ'ব নোৱাৰা চৰকাৰ।"

Your Comments