--অত্ৰেয়ী বৰদলৈ--
"ফাগুন মাহত পলাশ ফুলে
পছোৱা বতাহ বয়,"
অসমীয়া বাৰ মাহৰ অন্যতম এটি মাহ ফাগুন।দ্বিতীয় শ্ৰেণীৰ 'কুঁহিপাত' পাঠ্যপুথিৰ জৰিয়তে "বাৰমাহৰ পদ্য"ত প্ৰথম পৰিচয় হৈছিল ফাগুনৰ সৈতে। সময়ৰ সৈতে খোজ দি বুজিব পৰাকৈ জ্ঞানৰ পৰিসৰ বঢ়াৰ পিছত অনুভৱ কৰিবলৈ শিকিলোঁ প্ৰতি ঋতুৰ কথকতা,মায়াময়তা;প্ৰতি অসমীয়া মাহবোৰৰ স্বকীয় সৌন্দৰ্যক।সৰুৰে পৰা বাহিৰা কিতাপৰ প্ৰতি থকা আকৰ্ষণে টানি আনিলে এদিন ফাগুনক।ভাল লগা হৈ পৰিল 'ফাগুন'।পছোৱাজাক আহিলে চৰাইৰ দৰে দুহাত মেলি উৰিবলৈ ল'লোঁ।চিলাখনৰ দৰে উৰ্ধমুখী হৈ যায় তেতিয়া মনাকাশ।
ফাগুনৰ পছোৱাৰ সৈতে লাটুমটোৰ দৰে ঘূৰি ঘূৰি তললৈ নামি অহা সৈতে হোলোং গছৰ গুটি দেখি আপোনপাহৰা হওঁ। সৰাপাতে আনিছে খবৰ উৰুঙা ডালৰ ফাঁকেদি সৰকিছে শীত। ফাগুন! মৃদু মলয়া হৈ নাকত লাগিছেহি টেঙা ফুলৰ সুবাস। ফাগুন মানেইতো সমাগত বসন্ত 'ঐনিতম'ৰ সুৰে সুৰে অদূৰত বাজি উঠা বাঁহী শিমলু পলাশ মদাৰৰ তেজগোৰা পৃথিৱী... মন ভৰুণ হয় প্ৰতিবাৰেই ঘূৰি ঘূৰি অহা ফাগুনৰ ৰঙাৰ বুকুত।ফাগুন ধূলিয়ৰি।ধূলিয়ৰি বতাহজাকে ধূলিৰ তৰপ সানে,পদূলি বিশৃংখল কৰে সৰাপাতে।কিন্তু এই ধূলিয়ৰি ফাগুনতো আছে মাদকতা ভৰা মৃদু মলয়াৰ শিহৰণ।টেঙা ফুল ফুলে, কঢ়িয়াই নিয়ে সৌৰভ মলয়াজাকে...আছে পলাশ,শিমলু,মদাৰৰ ৰং।
"সৰাপাতে পাতে ফাগুন নামে" ফাগুনৰ অন্যতম সৌন্দৰ্য সৰাপাত।অসমীয়া মাঘ মাহ যোৱাৰ লগে লগে শীতেও মেলানি মাগিবলৈ যো-জা কৰে;বাট এৰে বসন্তলৈ।কোমল সেউজীয়া ন-সাঁজ পিন্ধিবলৈকে যেন লঠঙা হয় গছ-বিৰিখ। চোতালে-পদূলিয়ে, বাটে-পথে,হাবিয়ে-বননিয়ে সকলোফালে সৰাপাত।বিৱৰ্ণ হালধীয়া সৰাপাতেও কঢ়িয়াই সৃষ্টিৰ আখৰা।এটা অধ্যায়ৰ সমাপ্তি সৰাপাতখিলাৰ বুকুতে গজে নৱ অধ্যায়ৰ আৰম্ভণি। "সৰাপাতবোৰ যেন সোঁৱৰণী আকাশে-বতাহে তাৰ আগমনি" সৰাপাতে কঢ়িয়াই সোঁৱৰণীৰ পৃষ্ঠা।
বিশ্ববিদ্যালয়ৰ বিদায় বেলাত এজন বন্ধুৱে ডায়েৰীৰ পৃষ্ঠাত খোদিত কৰিছিল,"শীতৰ সৰাপাতে বসন্তৰ কুঁহিক বাট এৰি দিবই লাগিব।" কি যে অৰ্থবহ!বাক্যটোত যেন মানৱ জীৱনৰ অৰ্থও সোমাই পৰিছে।মানৱ জীৱনটোৰ প্ৰতিখন ক্ষেত্ৰও যেন এটা এটা সময়ৰ প্ৰতিনিধি; এখিলা বিৱৰ্ণ হালধীয়া সৰাপাত হৈ নতুনলৈ ঠাই এৰি দিয়ে।অনেক সময়ৰ,ভিন্ন ঘটনাৰ স্বাক্ষৰ বহন কৰি সৰাপাতৰূপী মানৱ জীৱনটোৱে সোঁৱৰণীৰ পৃষ্ঠাত লুটিয়াই চাই এৰি অহা দিনৰ ছবি। একেখন প্ৰতিচ্ছবি প্ৰকৃতি জগতখনৰো।
প্ৰতি শীতৰ সৰাপাতে সোঁৱৰণী কঢ়িয়াই প্ৰতি এৰি অহা সময়ৰ খণ্ড-বিখণ্ড চিত্ৰ।সেইবাবেই চাগে প্ৰতিগৰাকী অনুভৱী ব্যক্তিৰ মনত ফাগুনৰ শুকান সৰাপাতেও সৌন্দৰ্যৰ পোহাৰ মেলে।সৃষ্টিশীল মনটোৱে সাৰ পাই উঠে শুকান সৰাপাতৰ খচমচনিত।
- Log in to post comments
- 670 views