টেট উৰ্ত্তীণ শিক্ষক সমাজ ২০ মাহে বঞ্চিত প্ৰাপ্য মৰগীয়া বানচৰ পৰা

Pic

নিযুক্তিৰে দক্ষতা প্ৰমাণ দিবলৈ বিচৰা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত এতিয়া সমস্যাৰ ওপৰত সমস্যা।কেতিয়াবা যদি বছৰ বছৰ ধৰি শিক্ষকতা কৰিও দৰমহাৰ পৰা বঞ্চিত হৈ শিক্ষক থাকে,কেতিয়াবা আকৌ দৰমহা পালেও বঞ্চিত হয় প্ৰাপ্য মৰগীয়া বানচৰ পৰা।

সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উৰ্ত্তীণ শিক্ষকসকলে যোৱা ২০ মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য মৰগীয়া বানচ।২০১৩ পৰা ২০১৯ বৰ্ষলৈ শিক্ষকসকলে নিয়মীয়াকৈ মৰগীয়া বানচ লাভ কৰি আছিল যদিও শেহতীয়াকৈ ২০মাহ ধৰি লাভ কৰা নাই ৫% মৰগীয়া বানচ।উল্লেখ যে টেট শিক্ষকসকলৰ পূৰ্বৰ বহুকেইটা দাবী চৰকাৰে নিয়মীয়া শিক্ষকৰ প্ৰায় সমপৰ্যায়ৰে সমাধান কৰিছিল।

ইফালে,সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই প্ৰেছ বিজ্ঞপ্তিত চৰকাৰক আহ্বান জনায় কয়- "ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰাপ্য মৰগীয়া বানচ মুকলি নহ'লে পুনৰ শিক্ষকসকলৰ ক্ষোভৰ বহি:প্ৰকাশ ঘটিব।"

Your Comments