উত্তৰাখণ্ডৰ জলপ্ৰলয়ত নিহত লোকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে।বৰ্তমানলৈকে উদ্ধাৰকাৰী দলে ২৬জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়াও ১৭১গৰাকী লোকৰ সন্ধান পোৱা নাই ৷ উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।সন্ধানহীন ব্যক্তিসকলৰ ভিতৰত ৩৫ জন টিপিচি সুৰংগৰ ভিতৰত আছে বুলি সন্দেহ কৰা হৈছে৷
উল্লেখ্য যে দেওবাৰৰ ভয়ংকৰ জলপ্ৰলয়ৰ সময়ত এশৰো অধিক শ্ৰমিক এছটিপিচিৰ সুৰংগত কৰ্মৰত অৱস্থাত আছিল।
- Log in to post comments
- 12 views