৬ ফেব্ৰুৱাৰীৰ সংযুক্ত কিষাণ মৰ্চাৰ চকা বন্ধক সমৰ্থন নকৰে ভাৰতীয় কিষাণ সংঘই

Pic

কৃষি আইন বাতিলৰ দাবীত ৬ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ সংযুক্ত কিষাণ মৰ্চাই ৰাষ্ট্ৰজোৰা চকা বন্ধৰ আহ্বান জনাইছে ৷ উক্ত চকা বন্ধ কাৰ্যসূচীৰ সমৰ্থন নকৰে ভাৰতীয় কিষাণ সংঘই।বৃহস্পতিবাৰে ভাৰতীয় কিষাণ সংঘই এই সন্দৰ্ভত স্পষ্ট কৰি দিয়ে।

ভাৰতীয় কিষাণ সংঘৰ সাধাৰণ সম্পাদক বদ্ৰীনাৰায়ন চৌধুৰীয়ে কয় -‘‘দিল্লী সীমান্তত চলি থকা বৰ্তমানৰ কৃষকৰ প্ৰতিবাদ সম্পূৰ্ণৰূপে ৰাজনৈতিক বুলি স্পষ্ট হৈ পৰিছে আৰু এই আন্দোলন এতিয়া ৰাজনৈতিক প্ৰ’পাগাণ্ডাত পৰিণত হৈছে।"

Your Comments