কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত মঙলবাৰে দেশত ক'ৰ’না সংক্ৰমণ হৈ মৃত্যু হোৱা বিষয় সন্দৰ্ভত হোৱা আলোচনাত ক'ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা স্বাস্থ্যকৰ্মী,চিকিৎসক আৰু আশা কৰ্মীৰ তথ্য দাঙি ধৰে।
২০২১ চনৰ ২২ জানুৱাৰীলৈকে ক'ৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা স্বাস্থ্যকৰ্মী,চিকিৎসক আৰু আশা কৰ্মীৰ তথ্য আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে।
অতি দুখৰ বিষয়টো হ’ল যে ২২ জানুৱাৰীলৈকে ভাৰতবৰ্ষত ক'ৰ’না সংক্ৰমণৰ ফলত মুঠ ১৬২ গৰাকী চিকিৎসক, ১০৭ গৰাকী নাৰ্চ আৰু ৪৪ গৰাকী আশা কৰ্মীৰ মৃত্যু হৈছে।ক'ৰ’না যুদ্ধত সৰ্বমুঠ ৩১৩ গৰাকী দেশৰ সম্পদ সাহসী চিকিৎসা কৰ্মীক হেৰুৱায় দেশে।
- Log in to post comments
- 12 views