চিৰাম ইনষ্টিটিউটৰ পুণেত নতুনকৈ নিৰ্মাণ কৰি থকা ভৱনত অগ্নিকাণ্ড

Pic

যোৱা ২১ জানুৱাৰীত পুণেত অৱস্থিত চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত বহু মহলীয়া ভৱনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত ৫ গৰাকী লোক নিহত হয় । কিন্তু সুখবৰ যে এই অগ্নিকাণ্ডৰ ঘটনা ভেক্‌চিন নিৰ্মান কাৰখানাৰ পৰা দূৰত সংঘটিত হোৱাৰ বাবে ক’ভিড ভেকচিন নিৰ্মানত কোনো ধৰনৰ প্ৰভাৱ নপৰিল এই অগ্নিকাণ্ডৰপৰা ।

চিৰাম ইনষ্টিটিউট অফ্‌ ইণ্ডিয়া বিশ্বৰ সৰ্ববৃহৎ ভেক্‌চিন নিৰ্মাণ কোম্পানী । এই ইনষ্টিটিউট প্ৰায় ১০০ একৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বিল্ডিংটো ভেক্‌চিন নিৰ্মাণ কাৰখানাৰ পৰা কিছু নিলগত অৱস্থিত ।

জানিব পৰা অনুসৰি ভেক্‌চিন নিৰ্মাণৰ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে চিৰাম ইনষ্টিটিউটৰ ৮-৯ টা নতুন বিল্ডিং নিৰ্মাণ কৰি থকা হৈছে আৰু অগ্নিকাণ্ড সংঘটিত হোৱা বিল্ডিংটো তাৰেই মাজৰ এটা।

Your Comments