--অত্ৰেয়ী বৰদলৈ--
(আঘোণৰ স্মৃতি...)
আঘোণ,গুড়ি গুড়ি বৰষুণ হৈ সৰা কুঁৱলী আৰু সেই কুঁৱলীৰ আচ্ছাদান ফালি বেলি ওলাওঁ নোলাওঁ কৰা সময়ৰ প্ৰতিচ্ছবি।কবি কেশৱ মহন্তদেৱৰ কবিতাৰে,"আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি/একোকে নমনি"।
আদৰুৱা সপোনে পাহ মেলিছে সেউজীয়া সপোনৰ ৰং লৈ সোণগুটি ফুলিছে সোণালী হাঁহি হৈ উচ্ছল হেমন্তৰ পথাৰ দাৱনীৰ হাঁহি নিলগত ডেকাৰ বিহুনাম দুপৰৰ ৰ'দত কলপাতত ৰবাব টেঙাৰ জুতি তামোল এখন খোৱাৰ চলতে গোপনে পিৰিতিৰ ছবি কুহুমবুলীয়া আবেলিত ডাঙৰী কঢ়িয়াই লখিমী চোতাললৈ বুলি কৃষিজীৱী ৰাইজৰ জেঠ-আহাৰ-শাওনৰ সেউজীয়া সপোনটোৱে ভৰপক দিয়ে আঘোণত। সেউজীয়া পথাৰখন সোণালী হয়।শীতৰ আলস্য ভাৱ আঁতৰাই উমসনা বেলিটোৱে ভুমুকি মৰাৰ লগে লগে পুৱাৰ পৰাই ৰাইজৰ খদমদম আৰম্ভ হয়।প্ৰতিঘৰৰ পুৰুষ-মহিলাই নিজৰ নিজৰ ধাননি পথাৰলৈ ঢাপলি মেলে,যাতে বতৰ মুকলি হৈ থকা দিনতে পথাৰৰ লখিমী আনিবলৈ সক্ষম হয়।ইয়াৰ মাজতে চলে দুপৰবেলাত ৰবাব টেঙাৰ জুতি।গোবৰ লিপা চোতালত ডাঙৰী বান্ধি অনা সোণোৱালী শস্য,এহাল পশুধনেৰে মৰণা ফুৰোৱা দৃশ্য,ওখোনেৰে মৰণা ফুৰাই সৰোৱা সোণগুটি আৰু খেৰ চপাই থকা দৃশ্য এই সকলোবোৰ আঘোণৰ এখন চিৰ পৰিচিত ছবি। অৱশ্যে বৰ্তমান সময় সলনি হৈছে।ঠাই বিশেষে পথাৰৰ লখিমী কঢ়িয়াই অনাৰ পৰা যন্ত্ৰচালিত বাহনেৰে সোণগুটি সৰোৱা সকলোবোৰতে নতুনত্ব আহিছে।সময়ো কম লাগে আৰু কৃষক-পশুধনৰ কষ্টও লাঘৱ হয়।
পৰিৱৰ্তন যেনেকৈয়ে হওক লাগিলে, আঘোণ বুলিলে সোণালী ধাননি,উদং পথাৰৰ অৱশেষ নৰা,খেৰৰ পুঁজি,সন্ধিয়াৰ জুহালখন আৰু ন-খোৱা এইখিনি সম্ভৱ কেতিয়াও সলনি নহয়। আঘোণ যদি এফালে সোণালী শইচৰ পথাৰ, আনফালে নকৈ ফুলিবলৈ ধৰা সৰিয়হৰ হালধীয়া পথাৰ। প্ৰকৃতিৰ অনুপম সৌন্দৰ্য আৰু খাঁটি সৰিয়হ তেলৰ যেন সংমিশ্ৰণ। আঘোণতে অনুষ্ঠিত হয় নামনি অসমৰ এটি লোক-উৎসৱ মহোহো।
লোকবিশ্বাস অনুসৰি আঘোণ মাহৰ পূৰ্ণিমা তিথিত নিশা মহ খেদিলে ঘৰ তথা খেতি পথাৰৰ পৰা মহ,পোক-পতঙ্গ আদি নোহোৱা হয়।এই বিশ্বাসৰ ভেঁটিতে কৃষিজীৱি চহা জীৱনে মহোহো উৎসৱ পালন কৰে।
- Log in to post comments
- 169 views