*উত্তৰ প্ৰদেশত বৰ্গ-বিশেষ জঙ্গল-ৰাজে আন এগৰাকী যুৱতীৰ প্ৰাণ ল'লে-ৰাহুল গান্ধী*
*অপৰাধীৰ ফাঁচীৰ দাবী অক্ষয় কুমাৰৰ*
উত্তৰ প্ৰদেশৰ হাথৰসৰ চন্দপা আৰক্ষী থানাৰ বুলগঢ়ী গাঁৱত এগৰাকী দলিত যুৱতী ১৪ ছেপ্টেম্বৰত গণ ধৰ্ষণৰ বলি হৈ মঙলবাৰে দিল্লীৰ সফদৰজং হাস্পতালত মৃত্যুক আঁকোৱালি লোৱাৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।দেশত তথা বিশেষকৈ উত্তৰ প্ৰদেশত নাৰীৰ নিৰাপত্তা দিনক-দিনে হ্ৰাস পাইছে বুলি কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ সৰৱ হৈ পৰিছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে উত্তৰ প্ৰদেশত বৰ্গ বিশেষ জঙ্গল-ৰাজে আৰু এগৰাকী যুৱতীৰ প্ৰাণ ললে।উত্তৰ প্ৰদেশ চৰকাৰে ধৰ্ষণৰ ঘটনাটোক মিছা আখ্যা দিলে আৰু যুৱতীগৰাকীৰ মৃত্যু হ'বলৈ এৰি দিলে।আনহাতে,কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ঘৃণনীয় ঘটনাটো সন্দৰ্ভত কয় যে উত্তৰ প্ৰদেশৰ আইন-শৃংখলা ব্যৱস্থা অতি বেয়া হৈছে।তেওঁ অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰে।ইফালে,জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ঘটনাটোৰ বাবে তেওঁ ক্ৰোধান্বিত হৈছে বুলি উল্লেখ কৰে।তেওঁ অপৰাধীৰ ফাঁচীৰ দাবী কৰে।উল্লেখ্য যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে চাৰিওটা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছে।
- Log in to post comments
- 14 views