'২১লৈ টঙালি বান্ধিছে বিজেপিয়ে,ঘোষণা কৰা হ'ল ৰাজ্যিক বিজেপিৰ নতুন সমিতি

Bjp leaders

আগন্তক '২১ৰ নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে নতুন সমিতি।

বিজেপিৰ কাৰ্যালয়ত ঘোষণা কৰা নতুন সমিতিৰ উপ-সভাপতি পদত আছে ড:হেমপ্ৰভা বৰঠাকুৰ,
বিজুলী কলিতা মেধি,ৰেখাৰাণী দাস বড়ো,স্বপ্ননীল বৰুৱা,ৰতন তেৰণ,পুলক গোঁহাই,জয়ন্ত দাস,জয়ন্ত মল্ল বৰুৱা।

সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ড: ৰাজদ্বীপ ৰয়,তপন কুমাৰ গগৈ,পল্লৱ লোচন দাস,ফণীন্দ্ৰ নাথ শৰ্মাক।

ইয়াৰ উপৰিও দলটোৰ কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰাজকুমাৰ শৰ্মাক।

সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে দিপ্লুৰঞ্জন শৰ্মা,কিশোৰ উপাধ্যায়,কৃষ্ণমণি চুতীয়া,
লুচী ৰয়,সুকুমাৰ বিশ্বাস,অকণী দেৱী,বেণুুুধৰ নাথ,তৰংগ গগৈ,পৰমী দাসক।

আনহাতে,দলটোৰ যুৱ মৰ্চাৰ
সভাপতিৰ দায়িত্ব দিয়া হৈছে অনুপ বৰ্মনক।একেদৰে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে অপৰাজিতা ভূঞাক নিযুক্তি প্ৰদান কৰা হৈছে।

Your Comments