ডবকাৰ প্ৰতিবেদক:
হোজাই জিলাৰ ডবকাত পেট্ৰ'ল পাম্পৰ মেনেজাৰসহ তিনিজন লোকৰ শৰীৰত ধৰা পৰিছে ক'ৰ'নাৰ উপস্থিতি।বাতৰি অনুসৰি এসপ্তাহ পূৰ্বে এইসকল লোকৰ ক'ৰ'না বীজাণুু অন্বেষণ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল।ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ অন্তত এইসকলৰ শৰীৰত ক'ভিড ১৯ৰ অৱস্থিতি ধৰা পৰাত লোককেইজনক ততাতৈয়াকৈ যোগীজানস্থিত ক'ভিড ১৯ বিশেষ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।লোককেইজন ক্ৰমে ডবকাৰ মদাৰতলীত থকা কেআৰ চৌধুৰী চাৰ্ভিচ চেন্টাৰৰ মেনেজাৰ অনিল শৰ্মা, ডবকা বাইপাচৰ সমীপৰ তাজমহল হোটেলৰ মৰিয়ম বেগম আৰু জংগলব্লকৰ আব্দুল কৰিম।ডবকাৰ পেট্ৰ'ল পাম্পৰ মেনেজাৰৰ শৰীৰত ক'ৰ'না ধৰা পৰাৰ পিছত ডবকা ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশত তাৎক্ষণিকভাৱে ডবকা আৰক্ষীয়ে পেট্ৰ'ল পাম্পটো চীল কৰি দিয়ে।
- Log in to post comments
- 10 views