বঙাইগাঁও চহৰত বান:এছডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান

Bongaigaon Flood

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও চহৰত কৃত্ৰিম বানৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।কেইবাদিন ধৰি হৈ থকা বৰষুণে পঁচিশটা ৱাৰ্ডবিশিষ্ট বঙাইগাঁও চহৰৰ মুখ্য পথৰ লগতে বিভিন্ন পথসমূহত কৃত্রিম বানৰ সৃষ্টি কৰিছে ৷ কৃত্ৰিম বানৰ কৱলত পৰিছে চহৰখনৰ নিউ বঙাইগাঁওস্থিত ৰে'লৱে ইনষ্টিটিউট কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদো।ধাৰাষাৰ বৰষুণৰ ফলত বঙাইগাঁও চহৰ আৰু চহৰ খনৰ ৰে'লেৱে আৱাসিক অঞ্চলসমূহ পানীৰ তলত বুৰ গৈছে।কিন্তু সকলোতকৈ জটিল ৰূপ ধাৰণ কৰিছে চহৰখনৰ ১১ নং ৱাৰ্ডৰ পালপাৰা-বাবুপাৰা অঞ্চল।উক্ত অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমাইছে।যাৰ ফলস্বৰূপে অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।শুকুৰবাৰৰ নিশাৰ পৰাই অঞ্চলটোত পানী সোমোৱা আৰম্ভ হয়।উল্লেখ্য যে অঞ্চলটোৰ মাজেৰে বৈ যোৱা টেকনঝৰা নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে এই বানপানীৰ।ইতিমধ্যে জলবন্দী হৈ পৰা পৰিয়ালসমূূহক জিলা প্ৰশাসনে এছডিআৰএফৰ সহায়ত উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনিছে।লগতে বানাক্ৰান্ত পৰিয়ালসূহৰ আশ্ৰয়ৰ বাবে ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়,নেতাজী বিদ্যা নিকেতন আৰু ৰবীন্দ্ৰ ভৱনত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।আশ্ৰয় শিবিৰত যোগান ধৰা হৈছে খাদ্য সামগ্ৰী।ইফালে,চহৰখনৰ ১৩ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত গুৰুনানক নগৰ,জ্যোতি নগৰ, বঙাইগাঁও ষ্টেডিয়াম,আৰক্ষী ৰিজাৰ্ভৰ দক্ষিণ-পশ্চিমাংশ,১২ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত কদমতলী-শালবাৰী (উত্তৰ আৰু দক্ষিণ),বিবেকানন্দ পল্লী,পাইপ লাইন,বৰপাৰা পাহাৰতলী, নতুনপাৰা আদি এলেকা কৃত্রিম বানৰ কৱলত পৰিছে।নতুনপাৰা,পাইপলাইন আদি অঞ্চলৰ বহু পৰিয়ালৰ গৃহ জলমগ্ন হৈ পৰিছে।জলমগ্ন হৈ পৰিছে বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান, বঙাইগাঁও আইটিআই চৌহদ আদিও।চহৰখনৰ অধিকাংশ উপপথত পানী নিষ্কাষণৰ ব্যবস্থা নথকাত চহৰখনৰ ১২ নম্বৰ ৱাৰ্ড,১৩ নম্বৰ ৱাৰ্ডৰ সম্ভ্ৰান্ত আৱাসীৰ ঘৰৰ চোতালৰ লগতে আৱাস-গৃহত পানী আৱদ্ধ হৈ পৰাত অঞ্চলটোৰ লোকসকল একপ্ৰকাৰ জলবন্দী হৈ পৰিছে।ইফালে,চহৰখনৰ 'চাপাগুৰি-উত্তৰ শালমাৰা(বীৰ চিলাৰায় পথ)' মুখ্য পথৰ দুয়োকাষে পকী নলা থাকিলেও নলাটোৰ পৰা অতিৰিক্ত পানী বিজ্ঞানসন্মতভাৱে  নিষ্কাষণৰ ব্যৱস্থা নথকাত ধাৰাষাৰ বৰষুণৰ সময়ত হোটেল জাহ্নৱীৰ পৰা পালসিং গেৰেজ এলেকাৰ পথচোৱাত পানী জমা হৈ পথচাৰীসকলক অসুবিধাত পেলাই আহিছে। আনহাতে,মূষলধাৰ বৰষুণৰ সময়ত মুখ্য নলাত পানী উফন্দি উঠি কদমতলী (শালবাৰী) হৈ এই পানী টেকনঝৰা নৈত পৰাত দীৰ্ঘদিন ধৰি কদমতলীবাসী কৃত্রিম বানৰ সমস্যাত ভুগি আহিছে।একেদৰে বঙাইগাঁও চহৰৰ দক্ষিণৰ বৰপাৰাৰ পাহাৰতলীত কৃত্রিম বানে অঞ্চলটোৰ লোকক জ্বলা-কলা খুৱাইছে। কৃত্রিম বানপানীৰ কৱলত পৰিছে বঙাইগাঁৱৰ নিউ ক'লনী এলেকা।আনহাতে,নিউ বঙাইগাঁৱৰ পৰা ৰে'লৱে ৱৰ্কশ্বপলৈ যোৱা পথছোৱাত পানী জমা হোৱাত ৰে'লৱে ৱৰ্কশ্বপ লৈ অহা-যোৱা কৰা ৰে'লৱে কৰ্মচাৰীৰ লগতে সেই পথেৰে অহা-যোৱা কৰা পথাচাৰী আৰু অৰ্ধসামৰিক বাহিনীৰ কোম্পানীৰ কেম্পত থকাসকলক অসুবিধাত পেলাইছে।একেদৰে বঙাইগাঁও জিলা প্ৰশাসনে কোৱাৰেণ্টাইন চেন্টাৰ হিচাপে লোক ৰখা নিউ বঙাইগাঁও ৰে'লৱে ইনষ্টিটিউটৰ চৌদিশে পানী জমা হৈ পৰিছে।ইফালে,জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে জিলাখনত বৰ্তমানলৈকে আঠ শতাধিক লোক বানৰ কৱলত পৰিছে ৷ বানাক্ৰান্তৰ বাবে স্থাপন কৰা হৈছে চাৰিটাকৈ  আশ্ৰয় শিবিৰ।এই শিবিৰত ৫৬৪ জন বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিছে।আশ্ৰয় শিবিৰত চাউল,ডাইল,নিমখ,মিঠাতেল যোগান ধৰা হৈছে।৭৭ টা পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

 

Your Comments