বইটামাৰীত টুনীয়া নৈৰ বাঢ়নী পানীত প্লাৱিত বহু অঞ্চল 

Flood

বঙাইগাঁৱৰ প্ৰতিবেদক:

বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বঙাইগাওঁ জিলাৰ বইটামাৰী অঞ্চলৰ কেইবাখনো গাওঁ বানৰ কবলত পৰিছে।জিলাখনৰ মাজেৰে বৈ যোৱা টুনীয়া নৈৰ জলস্তৰ বৃদ্ধি হৈ বাঢ়নী পানীয়ে বহু অঞ্চল প্লাৱিত কৰিছে।টুনীয়া নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ নৰ্থ বইটামাৰীৰ ধলাগাওঁ আৰু দেৱানগাৱঁত নৈখনৰ ওপৰত থকা বাহৰ সাঁকো দুখন উটুৱাই নিয়াত দেৱানগাওঁ ৰাভাপাৰা আৰু ধলাগাওঁ টিলাপাৰাৰ শতাধিক পৰিয়াল  বৰ্হিবিশ্বৰ লগত সংযোগহীন হৈছে।তেওঁলোক নিজৰ ঘৰত আৱদ্ধ হৈ পৰিছে।খাদ্য সামগ্ৰীকে ধৰি মৌলিক প্ৰয়োজনৰ বাবেও লোকসকলে নৈখনৰ ইপাৰলৈ আহিব লাগে।কিন্তু সাঁকো দুখন ভাগি যোৱাত লোকসকল গৃহবন্দী হৈ পৰিছে।ইফালে,দেৱানগাওঁ সূত্ৰধৰপাৰা আৰু বৰখাতাত টুনীয়া নৈৰ বাঢ়নী পানীয়ে বহু লোকৰ ঘৰ-দুৱাৰ প্লাৱিত কৰিছে।মানুহৰ মাজত হাহাকাৰ লাগিছে।মানুহৰ লগতে পশুধনসমূহৰো আলৈ আথানি নোহোৱা হৈছে। নৈৰ পাৰ খহাই নৈৰ বাঢ়নী পানীয়ে গাওঁ প্লাৱিত কৰিছে।বৰখাতাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদিও পানী বাগৰি গৈছে।অঞ্চলটোৰ ধলাগাওঁ উজানপাৰাতো কেইবাঘৰ লোকৰ ঘৰ-দুৱাৰ পানীৰ তলত বুৰ গৈছে।

Minister

শনিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নৰ্থ বইটামাৰীৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি লোকসকলক আশ্ৰয় শিবিৰলৈ নিয়াৰ ব্যৱস্থা কৰে।ইতিমধ্যে অঞ্চলটোৰ দেৱানগাঁও সূত্ৰধৰপাৰা প্ৰাথমিক বিদ্যালয়ত বানাক্ৰান্তসকলৰ বাবে মুকলি কৰা হৈছে আশ্ৰয় শিবিৰ।সেইদৰে বানাক্ৰান্ত ৰাইজক এচডিআৰএফৰ দলে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনে।একেদৰে,ধনতোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢালকাটা গাঁও সম্পূৰ্ণৰূপে বুৰাই পেলাইছে পানীয়ে।ফলত জনতা ভীষণ সমস্যাৰ সৃষ্টি হৈছে।ছিপনছিলাতো নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং।ইফালে,বঙাইগাঁৱৰ ছিপনছিলাতো শনিবাৰে নৈৰ বাঢ়নী পানীয়ে এখন কাঠৰ দলং উটুৱাই নিয়াৰ ফলত যোগাযোগ বিছিন্ন হৈ পৰে দুখন গাঁৱৰ মাজত।ছিপনছিলাৰ কুঁজিয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন নৈখনৰ বাঢ়নী পানীয়ে ৰাইজৰ চকুৰ সন্মুখতে উটুৱাই নিয়াত ছিপনছিলা আৰু চোৰাপাৰাৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰিছে৷


 

Your Comments