জালাহৰ পৰা গুঞ্জন দাস:
কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাগসাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে।জালাহৰ মাজেৰে বৈ যোৱা কালদিয়া নৈৰ পানীৰে উপচি পৰাৰ ফলত জাতীয় বিদ্যালয়,জালাহ জলমগ্ন হৈ পৰে।আনহাতে,জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত কলবাৰীত মানুহৰ ঘৰৰ চোতালত একাঠুলৈকে পানী হোৱাৰ উপৰিও ঘৰৰ ভিতৰো জলমগ্ন হৈ পৰে।চৈধ্য ঘৰ মানুহৰ বসতিপ্ৰধান জালাহ কলবাৰীত আটাইকেইঘৰ মানুহৰে ঘৰ জলমগ্ন হৈ পৰিছে।তদুপৰি,পহুমৰা নৈৰ বাঢ়নী পানীত চহোগুৰি,ধেমধেমা আদিৰ ঠায়ে ঠায়ে জলমগ্ন হৈ পৰে।আনহাতে,ভেৱলা কেওঁটচুপাৰ কিছু অংশ, জ্যোতিনগৰ,বুনবাৰী চুপা,ঘোগাপাৰ আদিও কালদিয়া নৈৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হৈ পৰে।আনহাতে,ডাঙৰীগাওঁ-বনগাওঁ পথৰ কালদিয়া নৈত থকা বাঁহৰ সাঁঁকোখনো বাঢ়নী পানীয়ে উটুৱাই লৈ যায় আৰু গোলাগাওঁ-ডুমুনী পথ,ডুমুনী-গোলাগাওঁ পথৰো একাংশ ডুব যায়।
আনকি,জালাহ-চেউনী পথত থকা কালভাৰ্ট এটাৰ দুয়োমূৰ পানীয়ে খহাই নিছে।ইতিমধ্যে বাতৰি লিখা পৰলৈকে বানপানীৰ বাবে কিছু লোকে জালাহ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ তৎপৰতাত জালাহ হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰিছে।
- Log in to post comments
- 13 views