মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ শুৱালকুছি মহাত্মা গান্ধী এফআৰইউৰ নাৰ্ছ পংকজনী শালৈৰ স্বামী তথা উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতালৰ চিকিৎসা-কৰ্মী অবিনাশ বৰ্মনৰ দেহত ক'ৰ'না ধৰা পৰিছে।শুৱালকুছিৰ মহাত্মা গান্ধী এফআৰইউৰ উপ-অধীক্ষক ডা: কাৰ্ত্তিক মেধীয়ে জনোৱা অনুসৰি উক্ত লোকজন জ্বৰ-কাহত ভুগি থকাত চিকিৎসালয়ৰ ফালৰ পৰা ২৫ জুনত লোকজনৰ ছোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।শনিবাৰে অহা ফলাফলত লোকজনৰ দেহত ক'ৰ'না পজিটিভ পোৱাত স্বাস্থ্য বিভাগৰ লোকে ব্যক্তিজনক হাস্পতালত ভৰ্তি কৰে।লোকজনে পত্নীৰ সৈতে শুৱালকুছি এফআৰইউত বাস কৰা চৰকাৰী আৱাসটো প্ৰশাসনে ছীল কৰে ৷ইফালে,বংশৰ শংকৰদেৱ শিশু নিকেতনৰ সদস্য সচিব অজিত বৈশ্যৰ সংস্পৰ্শলৈ অহা নিকেতনখনৰ শিক্ষয়িত্ৰী শুৱালকুছি মাটি পৰ্বতৰ নিবাসী ডলি দেৱীৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰিছে।স্বাস্থ্য বিভাগে তেওঁক জালুকবাৰীৰ আয়ুৰ্বেদিক ক’ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰে।উল্লেখ যে শিক্ষয়িত্ৰীগৰাকীয়ে ক'ৰ'নাত আক্ৰান্ত অজিত বৈশ্যৰ সৈতে ১৪ জুনত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিছিল।আনহাতে,গন্ধমৌৰ দাসচুপাৰ ৰুমী বৰা নেওগ নামৰ এগৰাকী মহিলাৰ দেহতো ক'ৰ'না পজিটিভ পোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে।জানিব পৰা মতে,তেওঁ এসপ্তাহৰ আগতে হাৰিয়ানাৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল৷
- Log in to post comments
- 12 views