নগাঁৱত উদ্বেগজনক ৰূপত ক'ৰ'নাৰ গণ সংক্ৰমণ:চিকিৎসক-নাৰ্ছ আক্ৰান্ত

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁৱত ক'ৰ'নাৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে জিলাখনত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা নগাঁৱৰ চাৰিগৰাকী লোক ক'ভিড-১৯ আক্ৰান্ত হোৱাৰ পাছত শনিবাৰে নগাঁও চহৰৰ জি ডি নাৰ্ছিংহোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন চিকিৎসক আৰু এগৰাকী নাৰ্ছ ক'ভিড-১৯ আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।ক'ৰ'নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসকজনৰ নাম ডাঃকৰণ কুমাৰ দলে আৰু নাৰ্ছগৰাকীৰ নাম মৃদুস্মিতা দাস।ডাঃ দলে মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক।তেওঁলোক দুয়ো কেইদিনমান পূৰ্বে নাৰ্ছিংহোমখনত চিকিৎসা গ্ৰহণ কৰা ক'ৰ'নাত আক্ৰান্ত কংকন মুদৈ নামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল।নাৰ্ছিং হোমখনৰ চিকিৎসক আৰু নাৰ্ছো কৰ'নাত আক্ৰান্ত হোৱাত ৰাইজ উদ্বিগ্ন হৈ পৰিছে।

স্মৰ্তব্য যে নগাঁও জিলাৰ চকলাঘাটৰ কংকন মুদৈ(৩৫)নামৰ যুৱকজনে আয়ুস্মান ভাৰতৰ আৰোগ্য মিত্ৰ হিচাপে কাম কৰিছিল চহৰখনৰে ডিউ কেয়াৰ নামৰ এখন নাৰ্ছিংহোমত।

কংকন মুদৈয়ে অসুস্থতা অনুভৱ কৰি যোৱা ১৫জুনত  নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গৈছিল।সেই দিনাই চিকিৎসালয়ত তেওঁঁৰ শ্বাৱ সংগ্ৰহ কৰি ক'ভিড-১৯পৰীক্ষাৰ বাবে বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।ইফালে,যকৃতৰ ৰোগত আক্ৰান্ত লোকজনে যোৱা ১৭জুনত নগাঁও চহৰৰ আমোলাপট্টিৰ পানাছিয়া মেডিকেল ক্লিনিকলৈ আহি এজন মেডিচিন বিশেষজ্ঞৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাই আৰু ব্যৱস্থাপত্ৰ সংগ্ৰহ কৰে। আনকি তেওঁ ভাস্কৰ লেব নামৰ পেথলজিকেল লেৱৰটৰীলৈকো কেতবোৰ পৰীক্ষাৰ বাবে গৈছিল।ইফালে,তেওঁৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হোৱা হেতুকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ১৮জুনত  নগাঁও চহৰৰ জি ডি নাৰ্ছিংহোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰায় ।তেতিয়াই নাৰ্ছিংহোমখনৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ কৰণ কুমাৰ দলে আৰু কৰ্তব্যৰত নাৰ্ছ মৃদুস্মিতা দাস কংকণ মুদৈৰ সংস্পৰ্শলৈ আহিছিল।কিন্তু অতি উদ্বেগজনক বিষয়টো হ'ল মুদৈয়ে তেওঁৰ শ্বাৱ সংগ্ৰহৰ বিষয়টো চিকিৎসকৰ পৰা গোপনে ৰাখিছিল।

ইফালে,যোৱা ১৯জুনত  কংকন মুদৈৰ সংগৃহীত শ্বাৱৰ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়।সেই অনুসৰি তেওঁ ক'ভিড-১৯ আক্ৰান্ত হোৱাটো নিশ্চিত হয়।লগে লগেই নগাঁও জিলা স্বাস্থ্য বিভাগ,জিলা প্ৰশাসন আৰু ৰাইজৰ মাজত হুৱাদুৱা লাগে। যিহেতু তেওঁ ইন্সটিটিউচনেল অথবা হোম কোৱাৰেন্টাইনত থকা নাছিল,সেয়েহে তেওঁঁৰ জৰিয়তে অধিক লোকলৈ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল।সেই দিনাই তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে শ্বাৱ সংগ্ৰহ কৰি ক'ভিড-১৯পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল।লগতে আটাইকে কোৱাৰেন্টাইন কৰা হৈছিল।তেতিয়াৰ পৰাই জি ডি নাৰ্ছিংহোমখনৰ চিকিৎসক ডাঃ দলে আৰু নাৰ্ছ মৃদুস্মিতাও নাৰ্ছিংহোমখনতেই কোৱাৰেন্টাইন হৈ আছিল।প্ৰথম শ্বাৱ পৰীক্ষাৰ প্ৰতিবেদনত আটাইৰে নিগেটিভ ওলাইছিল।পৰৱৰ্তী সময়ত যোৱা ২৪জুলাইত পুনৰ কংকন মুদৈৰ সংস্পৰ্শলৈ অহা চিকিৎসক-নাৰ্ছসহ আটাইৰে শ্বাৱ সংগ্ৰহ কৰি ক'ভিড-১৯পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।শনিবাৰে সেই শ্বাৱ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় আৰু চিকিৎসক ডাঃ কৰণ কুমাৰ দলে আৰু নাৰ্ছ মৃদুস্মিতা দাস ক'ভিড-১৯ আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। নগাঁও জিলা স্বাস্থ্য বিভাগে দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড-১৯হাস্পতাললৈ স্থানান্তৰৰ ব্যৱস্থা কৰিছে।ইফালে,হোম কোৱাৰেণ্টাইনত থকা চিকিৎসক জনৈক দত্তই ৰোগীৰ তেজ পৰীক্ষা কৰাৰ অভিযোগ উঠিছে।


 

Your Comments