ধমধমাত পাগলাদিয়া নৈৰ বানৰ সংহাৰী ৰূপ 

Flood

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ধমধমাত পাগলাদিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ লগা পৰিলক্ষিত হৈছে।বাক্সাৰ ৰাজতালুকত  নিৰ্মাণ কৰি থকা মথাউৰিটো  বৃহস্পতিবাৰে আবেলি ছিঙি নিয়াৰ ফলত বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গোৱালবিল,ভেৰভেৰী,উত্তৰ বৰশিৰাল,নিজবৰশিৰাল,ৰাৰাজতালুক,গড়ভিতৰ,উজিৰখাট জলমগ্ন হোৱাৰ উপৰিও নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চটাইবাৰী গাঁও বানৰ কৱলত পৰি অঞ্চলটো জলমগ্ন হৈ পৰিছে।

Flood

সম্প্ৰতি দ্ৰুতগতিত বাঢ়ি অহা বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে অধিক ভয়ংকৰ  ৰূপ লোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।

Your Comments