হাজোৰ পৰা কমলাকান্ত দাস:
হাজোৰ বঙালপাৰাৰ বৰছলি অঞ্চলৰ এখন জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিব আব্দুৰ ৰহিমক মঙলবাৰে হাজো আৰক্ষীয়ে নাৱালিকা ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।নিজ বিদ্যালয়ৰে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক দীৰ্ঘদিন ধৰি যৌন আতিশয্য চলাই আহিছিল বিদ্যালয়খনৰ সচিব আব্দুৰ ৰহিমে।এই যৌন আতিশয্যত মানসিকভাৱে ভাঙি পৰিছিল ছাত্ৰীগৰাকী।অৱশেষত কিছুদিন পূৰ্বে মানসিক চিকিৎসকৰ ওচৰ চাপি নিজৰ ওপৰত হোৱা আতিশয্যৰ বিৱৰণ দাঙি ধৰিছিল নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে।ইয়াৰ পিছতে চিকিৎসকৰ প্ৰতিবেদনৰ ভিত্তিত হাজোৰ আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত হাজো আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰি যৌন নিৰ্যাতনকাৰী চৰিত্ৰহীন সচিব আব্দুৰ ৰহিমক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। শিক্ষা বৃত্তিত জড়িত হৈ নিজ শিক্ষানুষ্ঠানৰে ছাত্ৰীৰ ওপৰত চলোৱা এনে নিকৃষ্ট কাণ্ডই হতচকিত কৰি তুলিছে হাজোৰ সচেতন মহলক।এতিয়া এই গৰাকী সচিবৰ ওপৰত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া হ'ব লক্ষণীয়।
- Log in to post comments
- 27 views