ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:
সমগ্ৰ বিশ্বতে ক'ৰ'না মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ চিকিৎসালয়ৰ বিৰুদ্ধে গভীৰভাৱে অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থা।উল্লেখ্য যে ঘগ্ৰাপাৰ ব্লক চিকিৎসালয়ৰ অন্তৰ্গত বিলপাৰ গাঁঁৱৰ যাদৱ লহকৰৰ পুত্ৰ গজেন লহকৰ আজি কিছুদিন ধৰি কাঁঁহ,পানীলগা,জ্বৰ।আদিত ভুগি আছিল। ঘগ্ৰাপাৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে যূৱকগৰাকীৰ এনে ৰোগৰ খবৰ ল'ব লাগে যদিও সোমবাৰে লহকৰেে নিজে 'আশা' কৰ্মীক লগ কৰি তেওঁৰ অসুখৰ কথা অৱগত কৰে।কিন্তু,আশা কৰ্মীগৰাকীয়ে কোনো ধৰণ গুৰুত্ব প্ৰদান নকৰাত লহকৰে নিজে ঘগ্ৰাপাৰ চিকিৎসালয়লৈ গৈ চিকিৎসকক দেখুৱাত তেওঁৰ ক'ভিড- ১৯ পৰীক্ষা কৰিবলৈ অকলে নলবাৰীৰ ৰাজকদমতল হাইস্কুলৰ কেন্দ্ৰলৈ পঠাই দিয়ে।কেন্দ্ৰৰ গাড়ীৰে গজেন লহকৰক।নলবাৰীলৈ নি লাগতিয়াল পৰীক্ষাসমূহ কৰি হাতত 'ষ্টাম্প' মাৰি নলবাৰীতে এৰি দি হোম কোৱাৰেনটাইনৰ নিৰ্দেশ দিয়ে।উপায় নাপাই ৰোগীজনে ভোকতে নলবাৰীত চাহ-ভাত খাই যাত্ৰীবাহী গাড়ীৰে ঘৰলৈ আহে।উক্ত ঘটনাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা।যদি লহকৰক ক'ভিড -১৯ বুলি সন্দেহ কৰা হৈছে,তেতিয়া হ'লে কিয় তেওঁলোকে এনেদৰে নলবাৰীতে এৰি দিছে,যদি সন্দেহ কৰা নাই,কিয় যুৱকজনক হাতত 'ষ্টাম্প' মাৰি হোম কোৱাৰেনটাইন কৰিলে।অকলে ঘৰলৈ আহিব দিয়া যুৱকজনৰ যদি ক'ভিড- ১৯ পজিটিভ ওলায়,তেওঁৰ সংস্পৰ্শলৈ অহা মানুহক কেনেকৈ বিচাৰিব।নে ক'ভিড -১৯ৰ নামত ৰাইজক হাৰাশাস্তি দিয়াৰ নতুন পৰিকল্পনা। এয়াই নেকি ক'ভিড যুদ্ধৰ নমুনা বুলি ছাত্ৰ সন্থাই প্ৰশ্ন কৰে।
আনহাতে,মঙলবাৰে ইয়াৰ প্ৰতিবাদত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিকুঞ্জ শৰ্মা আৰু হীৰকজ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে ঘগ্ৰাপাৰ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়াক ঘেৰাও কৰি জবাবদিহী কৰি নলবাৰী জিলাৰ যুটীয়া সঞ্চালকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই কয় যে একাংশ চিকিৎসকে এই জটিল সময়ত দিন-ৰাতি একাকাৰ কৰি কৰ্তব্য পালন কৰাৰ সময়তে আন একাংশ চিকিৎসাকৰ্মীয়ে এনে কৰ্ম কৰা বিষয়টো কোনো কাৰণত মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে।ইফালে,স্বাস্থ্য বিষয়াগৰাকীয়ে চিকিৎসালয়খনত পৰ্যাপ্ত সা-সুবিধা নাই বুলি কৈ নিজৰ ভুলৰ কথা স্বীকাৰ কৰে।ভৱিষ্যতে এনে ভুল নহয় বুলি কৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্রতিবাদীসকলক আশ্বাস দিয়ে।এই বিষয় সন্দৰ্ভত নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া লক্ষণীয় হ'ব।উল্লেখ্য যে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত পৰ্যন্ত পৰিমাণ সা -সুবিধা নোহোৱাৰ অজুহাতৰ বাবে মহকুমা স্বাস্থ্য বিষয়া ডাঃ এন বিনয় সিনহা নিশা উপস্থিত নথকাৰ উপৰিও এই কেন্দ্ৰটোৰ অন্তৰ্গত কুৰিটা উপস্বাস্থ্য কেন্দ্ৰৰ নাৰ্চসকলেও নিজৰ বাহনৰে প্ৰতিদিনে কৰ্তব্য পালন কৰি আহিছে।তেওঁলোকেও যাৱতীয় সা-সুবিধা তথা ক'ৰ'না সামগ্ৰী পর্যাপ্ত পৰিমাণে পোৱা নাই বুলি জানিব পৰা গৈছে।চিকিৎসালয়খনৰ অন্তৰ্গত আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰো অধিকাংশই ক'ৰ'নাৰ প্ৰয়োজনীয়তা সামগ্ৰী নোপোৱাৰ অভিয়োগ তুলিছে।
- Log in to post comments
- 114 views