শ্ৰমিক-কৰ্মচাৰীৰ কল্যাণৰ চাৰিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ মুুখ্যমন্ত্ৰীলৈ প্ৰেৰণ চিপিআই(এম)ৰ

Cpi(m)

বঙাইগাঁৱৰ প্ৰতিবেদক:

চিপিআই(এম)ৰ বঙাইগাঁও আঞ্চলিক সমিতিয়ে সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন চাৰি দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰত চিপিআই(এম)ৰ বঙাইগাঁও আঞ্চলিক সমিতিয়ে আয়কৰৰ আওঁঁতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক কমেও তিনি মাহলৈকে প্ৰতি মাহে ৭,৫০০ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়া,আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলী ১০ কিলোকৈ চাউল,আটা, চেনি,নিমখ,দাইল,মিঠাতেল আদি  অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৬ মাহলৈকে যোগান ধৰা,শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় ১২ ঘণ্টালৈকে বৃদ্ধি কৰা, অসম চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ লগতে চৰকাৰী-বেচৰকাৰী শ্ৰমিক -কৰ্মচাৰীৰ দা-দৰমহা নিয়মিতভাৱে আদায় দিয়া,পিএম কিষাণ আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি,অনিয়ম বন্ধ কৰা আৰু পঞ্চায়ত ভিত্তিত হিতাধিকাৰীসকলৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম বাদ দি যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰাৰ দাবী জনায়।উল্লেখ্য যে আঞ্চলিক সমিতিয়ে স্মাৰকপত্ৰখনত উল্লেখ কৰা মতে ক'ৰ'না ভাইৰাছৰ ব্যাপক সংক্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে জাৰি কৰা লকডাইনৰ ফলত দেশৰ অৰ্থনীতি সাংঘাতিকভাৱে বিপৰ্যস্ত হৈছে।অৰ্থনৈতিক বিপৰ্যয়ৰ ফলত দৰিদ্ৰ,নিম্ন মধ্যবিত্ত,ক্ষুদ্ৰ ব্যৱসায়ী আৰু দৈনন্দিন আয়ৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে।অসমতো লাখ লাখ লোক সম্পূৰ্ণ আয়হীন হৈ পৰিছে অথবা তেওঁলোকৰ আয় একেবাৰে কমি গৈছে।এনে অৱস্থাত ন্যূন্যতম প্ৰয়োজনীয় খাদ্য আৰু নগদ ধনৰ ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজন।চৰকাৰে যিবোৰ আঁচনি ঘোষণা আৰু ৰূপায়ণ কৰিছে সেইবিলাকৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম পৰিলক্ষিত হৈছে।বিশেষকৈ পিএম কিষাণ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰতো বহুতো উপযুক্ত আৰু অভাৱী কৃষক বাদ পৰিছে আৰু অযোগ্য লোক তালিকাভুক্ত হৈছে ৷তদুপৰি,লকডাউনৰ আলমত শ্ৰম - সংস্কাৰৰ নামত যিবোৰ অগণতান্ত্ৰিক আৰু শ্ৰমিক বিৰোধী নিয়ম-কানুন প্ৰৱৰ্তন কৰা হৈছে সেয়া অত্যন্ত উদ্বেগজনক।সেয়ে উপৰোক্ত চাৰিদফীয়া দাবী জৰুৰীভাৱে পূৰণ কৰা উচিত বুলি উল্লেখ কৰি দাবীকেইটা পূৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যন্ত্ৰীগৰাকীয়ে উদ্যোগ ল'ব বুলিও আশা কৰা বুলি আঞ্চলিক সমিতিয়ে উল্লেখ কৰিছে। 

Your Comments