বঙাইগাঁৱৰ প্ৰতিবেদক:
চিৰাং জিলাৰ বৃহত্তৰ কদমতলা অঞ্চলৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সোমবাৰে কদমতলাস্থ চিলাৰায় ভৱনত চিৰাং জিলা কোচ ৰাজবংশী জাতীয় মহাসভাই সম্বৰ্ধনা জনায়।চিৰাং জিলা জাতীয় মহাসভাৰ সভাপতি নিৰ্মল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোত কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি ডা° নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে।অনুষ্ঠানত কোচ
ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি ডা° নিৰ্মল কুমাৰ ৰায়ে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজক উদ্দেশ্য কৰি মূল্যৱান ভাষণ আগবঢ়ায়।একেদৰে,কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক কেৱল বিদ্যালয়, মহাবিদ্যালয়ৰ পুথি অধ্যয়নতে সীমাৱদ্ধ নাথাকি প্ৰয়োজনীয় আন আন কিতাপ, আলোচনী,বাতৰি কাকত,উপন্যাস আদিও পঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়।বিশ্বজিৎ ৰায়ে উনুকিয়াই কয় যে আজিৰ ছাত্ৰ,কাইলৈৰ নাগৰিক।গতিকে,ছাত্ৰ-ছাত্ৰীসকলৰ পৰাই মানৱ সম্পদ গঢ়িব লাগিব।সেইদৰে নিজ জাতিৰ প্ৰতিও দায়ৱদ্ধতা দেখুৱাবলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত বিশ্বজিৎ ৰায়ে বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰে বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰাৰ লগতে গৰীৱ ছাত্ৰ-ছাত্ৰীসকলক বছৰেকত দহ হাজাৰ টকাকৈ জলপানি আগবঢ়াবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰে।উল্লেখ্য যে
সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে উক্ত স্থানতে কমলেশ্বৰ ৰায়ক সভাপতি আৰু ভূপেন ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া কদমতলা আঞ্চলিক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সমিতিখনো গঠন কৰা হয় ৷
- Log in to post comments
- 14 views